ETV Bharat / state

ধুবুৰীত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত চৰম দুৰ্নীতি - ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত দুৰ্নীতি

ধুবুৰীতমাটি নামজাৰী আৰু কিনা বেচাৰ নামত চলিছে চৰম দুৰ্নীতি । নিশাৰ ভিতৰতেই কেৱল ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত কৰা হয় নামজাৰী ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত চলিছে দালালৰাজ ৷ এই অভিযোগ উত্থাপন আশাৰীকান্দি মৌজাৰ লাট মণ্ডল নমেজ উদ্দিন মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাৰ বিৰুদ্ধে ৷

Dhuburi land corruption
ধুবুৰীত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত চৰম দুৰ্নীতি
author img

By

Published : Feb 15, 2020, 5:12 AM IST

ধুবুৰী,11 ফেব্ৰুৱাৰী: ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত ব্যপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন । অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি মৌজাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই তেৰ বিঘা মাটি ২০১৬ চনত ক্ৰয় কৰিছিল চিৰাজুল হক নামৰ এইজন লোক । চিৰাজুল হকৰ অভিযোগ যে শিল্পা মিত্তালৰ পৰা মাটিখিনি ক্ৰয় কৰাৰ পিছত তেওঁৰ নামত নামজাৰী সম্পন্ন হোৱাৰ লগতে আনকি খাজনা দি থকা হৈছে । কিন্তু হঠাৎ ইয়াৰে প্ৰায় চাৰি বিঘা মাটি পুনৰ শিল্পা মিত্তালৰ নামত নামজাৰী কৰা হয় । বৰ্তমান আশাৰীকান্দি মৌজাৰ লাট মণ্ডল নমেজ উদ্দিন মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাৰ বিৰুদ্ধে এই কাৰ্যৰ লগত জড়িত থকাৰ গুৰতৰ অভিযোগ উত্থাপন কৰিছে চিৰাজুল হকে ৷

ধুবুৰীত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত চৰম দুৰ্নীতি
ইয়াৰ উপৰি ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত কেৱল দালালৰাজ চলিছে বুলি অভিযোগ তুলিছে চিৰাজুল হকৰ লগতে তেওঁৰ আত্মীয় ৷ আনহাতে এই সন্দৰ্ভত শিল্পা মিত্তালৰ নামত উক্ত মাটিখিনি সম্পূৰ্ণ বৈধতাৰে নথি পত্ৰ অনুযায়ী নামজাৰী কৰা হৈছে বুলি মন্তব্য কৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই ৷

লগতে পঢ়ক:নাগালেণ্ডত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.