ETV Bharat / state

ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ! - আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান উপস্থিত কাৰ্যালয়ত

ধুবুৰী জিলাৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ প্ৰজেশ ৰায় নামৰ এজন যুৱকে কাৰ্যালটোত দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ ৷ স্থানীয় ৰাইজে এই ঘটনাৰ বাবে কাৰ্যালয়টোত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তপ্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্যালটোত মোতায়ন কৰা হয় আৰক্ষী আৰু চি.আৰ.পি, এফ জোৱান ৷

DHUBURI DTO OFFICE Heated position
ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি!
author img

By

Published : Mar 3, 2020, 10:10 PM IST

Updated : Mar 3, 2020, 11:20 PM IST

ধুবুৰী,3 মাৰ্চ: মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৷ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান ৷

ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি!

ঘটনা অনুসৰি, প্ৰজেশ ৰায় নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত অবৈধ ভাৱে সংগ্ৰহ কৰি আহিছে ধন ৷ ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ এম ভি আইৰ কোঠাতেই এই কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পেচাত কোনো চৰকাৰী চাকৰিয়াল নহয় যদিও যুৱকজনে বিগত বহু বছৰ ধৰি কাৰ্যালয়তে কাম কৰি আহিছে ৷ জিলাখনৰ এম.ভি.আই এ কে সেনৰ নিৰ্দেশতে প্ৰজেশে সাধৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰি আহিছিল ধন ৷ প্ৰজেশৰ এই কাৰ্যত দীৰ্ঘদিনে হাৰাশাস্তি ভোগ কৰি আহিছিল ৰাইজে ৷ যাৰ বাবে ভুক্তভোগী ৰাইজে মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কাৰ্যালয়ত ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্যালয়ত মোতায়েন কৰা হয় আৰক্ষী আৰু চি আৰ পি এফ বাহিনী ৷

ইফালে, ৰাইজৰ অভিযোগ অস্বীকাৰ কৰি এম ভি আইগৰাকীৰ নিৰ্দেশতে প্ৰায় 10 বছৰ ধৰি এইদৰে চৰকাৰী কাৰ্যালয় কাম কৰি আহিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰজেশে ৷

অধিক খবৰৰ বাবে : অৰণ্যৰ বিশ্বকোষ তুলসী গৌড়ালৈ পদ্মশ্ৰী বঁট

Last Updated : Mar 3, 2020, 11:20 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.