ETV Bharat / state

ধুবুৰীত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন - ক’ভিড বিধি অনুসৰি

দেওবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ ভোট গণনা । নিৰ্ধাৰণ হ’ব ধুবুৰীৰ পাঁচটা সমষ্টিৰ মুঠ ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ভোট গণনাৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন ৷ ক’ভিড বিধি অনুসৰি সম্পন্ন কৰা হ’ব ভোট গণনা ৷

dhuburi-district-administration-ready-for-vote-counting
ধুবুৰীত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন
author img

By

Published : May 1, 2021, 6:17 PM IST

ধুবুৰী,1 মে': দেওবাৰে অনুষ্ঠিত হ’ব ভোট গণনা । নিৰ্ধাৰণ হ’ব ধুবুৰীৰ পাঁচটা সমষ্টিৰ ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰে ধুবুৰী নিৰ্বাচনী জিলাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিৰ ভোটগণনা হ’ব ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত ৷ লগতে পূৱ বিলাসীপাৰা আৰু পশ্চিম বিলাসীপাৰা সমষ্টিৰ ভোটগণনা হ’ব বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত । ধুবুৰী নিৰ্বাচনী জিলাৰ তিনি সমষ্টিৰ মুঠ ২৩ গৰাকী আৰু বিলাসীপাৰাৰ ১৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ হ’ব কাইলৈ । ইতিমধ্যে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় ভোট গণনা কেন্দ্ৰত যাৱতীয় ব্যৱস্থাপনা সম্পন্ন কৰি তুলিছে জিলা প্ৰশাসনে ।

ধুবুৰীত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন

ভোট গণনা অনুষ্ঠিত হোৱাৰ পূৰ্বে শনিবাৰে ভোট গণনা কেন্দ্ৰৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ লয় ধুবুৰী নিৰ্বাচনী জিলাৰ তিনি সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষকে ৷ দেওবাৰে পুৱা ৭ বজাত খোলা হ’ব ষ্ট্ৰং ৰূম, আঠ বজাৰ পৰা পোষ্টেল বেলটৰ ভোট গণনাৰ পিছতেই পুৱা ৮.৩০ বজাৰ পৰা আৰম্ভ হ’ব ইভিএমৰ ভোট গণনা । ইপিনে ক’ভিড বিধি অনুসৰি ভোট গণনা সম্পন্ন কৰা হ’ব । ক’ভিড টেষ্টৰ নিগেটিভ ফলাফল আৰু মাষ্ক অবিহনে কোনো ব্যক্তিয়ে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব ।

লগতে পঢ়ক : ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.