ধুবুৰী, 22 জুলাই : অৱশেষত ঘোচ লৈ গ্ৰেপ্তাৰ হ’বলগীয়া হল ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী । দীর্ঘদিনে উৎকোচৰ লোৱা বুলি উত্থাপিত হৈ অহা অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ গোস্বামীক । 30 হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া বিশ্বজিৎ গোস্বামীৰ ঘৰত শুকুৰবাৰে বিয়লিৰ পৰা ওৰে নিশা চলিল তদন্ত । আনকি অভিযান চলিল ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়তো । 14 জনীয়া বৃহৎ দল এটাই ধুবুৰী, গৌৰীপুৰ আৰু বঙাইগাঁওত পৃথক পৃথকে চলায় এই অভিযান ।
উল্লেখ্য যে, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ চৰকাৰী আৰু নিজা বাসগৃহত চলা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা । ধুবুৰীৰ চৰকাৰী আৱাসগৃহত 1 লাখ 79 হাজাৰ টকা উদ্ধাৰ হয় বুলি জানিবলৈ দিয়ে । ভিজিলেন্সৰ দলে অভিযান চলায় জিলা পৰিষদৰ অতিৰিক্ত প্ৰকল্প প্ৰবন্ধক মৃণাল কান্তি সৰকাৰৰ গৌৰীপুৰস্থিত বাসগৃহতো । অৱশ্যে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।ইপিনে ওৰে নিশা দুই বিষয়া-কৰ্মচাৰীক কাৰ্যালয়ত জেৰা কৰি এখনৰ পিচত আনখন আঁচনিৰ তদন্ত চলায় ভিজিলেন্সৰ দলে । লগতে বিভিন্ন নথিপত্ৰ আৰু নগদ ধন বিচাৰি অভিযান চলায় ভিজিলেন্সৰ দলটোৰ ।
শনিবাৰৰ দোকমোকালিতো ধুবুৰী জিলা পৰিষদৰ অভিযুক্ত দুই বিষয়া কৰ্মচাৰীক লৈ গুৱাহাটী লৈ যাত্ৰা কৰে ভিজিলেন্সৰ দলটোৱে । অভিযোগ অনুসৰি, প্ৰতিটো আঁচনিৰ ধন মোকলাই দিয়াৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক আগতীয়াকৈ আদায় দিব লাগে মূল টকাৰ 9 শতাংশ । দাবী কৰা কমিচন আদায় নাপালে চেকত চহী বা বিলৰ চেকত চহী নকৰাৰ অভিযোগ চৰকাৰী বিষয়া তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে ।
শেহতীয়াকৈ ধুবুৰীৰ ফকিৰগঞ্জ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য জাকিৰ হুছেইনৰ 75 লাখ টকাৰ এখন বিলৰ বাবদ আদায় দিছিল 30 হাজাৰ টকা । মূল টকাৰ 9% ধন আদায় দিয়া হৈছিল বিশ্বজিৎ গোস্বামীক । বিশ্বজিৎ গোস্বামীয়ে বিচৰা ধনখিনি প্ৰদান কৰা হৈছিল কাৰ্যালটোৰেই অতিৰিক্ত প্ৰকল্প প্ৰবন্ধক মৃণাল কান্তি ৰায়ৰ হাতত । ইয়াৰ পিছতেই হাতে লোটে ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই ।
লগতে পঢ়ক : Miya hate speech : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব সাংসদ অজিত কুমাৰ ভূঞা !