ধুবুৰী, 27 ছেপ্টেম্বৰঃ লক্ষ্য গ্ৰীণিজ বুক অফ ৱৰ্ল্ড নাইবা লিমকা বুক অফ ৱৰ্ল্ড ৷ ধুবুৰীত এতিয়া বিশ্ব অভিলেখ সৃষ্টিৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি ৷ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যক পুনৰ উজ্জীৱিত কৰাৰ এক মহৎ প্ৰয়াস ধুবুৰীৰ একাংশ সংস্কৃতিবান লোকৰ ৷ গোৱালপৰীয়া লোকগীতৰ অবিচ্ছেদ্য অংগ দোতৰা আৰু চাৰিন্দাৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলিছে ধুবুৰীত ৷ গৌৰীপুৰ বুলিলেই সকলোৱে জানে প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্মভূমি। যি ধুবুৰীত থলুৱা সংস্কৃতিক বিশ্বৰ আগত চিনাকী কৰাই দিয়াৰ বাবে গ্ৰহণ কৰা হৈছে এক অভিনৱ পদক্ষেপ ৷ তাৰেই অংশ হিচাপে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জনমভূমি গৌৰীপুৰত হ'ব দোতৰা আৰু চাৰিন্দা নিৰ্মাণৰ কাৰখানা।অসম চৰকাৰে হাতত লোৱা মুখ্যমন্ত্ৰীৰ সমগ্ৰ উন্নয়ন যোজনা নামৰ এক অভিলাসী আঁচনিৰ অধীনত সাংস্কৃতিক নৱ জাগৰণ অভিযান। যি আঁচনিৰ জৰিয়তে গৌৰীপুৰত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ লৈ চলিছে লোকবাদ্য নিৰ্মাণৰ কৰ্মশালা। এই কৰ্মশালাত দোতৰা আৰু চাৰিন্দা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বহু লোকক ৷ কেৱল ইয়াতে ৰৈ যোৱা নাই তেওঁলোকৰ প্ৰয়াস,অহা ৪ অক্টোবৰত কৰ্মশালাত নিৰ্মাণ কৰা ষাঠি খন দোতৰা আৰু চাৰিন্দা একেলগে বাজি উঠিব ধুবুৰীত ৷ আৰু এই পৰম্পৰাগত বাদ্য যন্ত্ৰসমূহ মুকলি পথাৰত একেলগে বজাই গ্ৰীনিজ বুক অফ ৰেকৰ্ডছ নাইবা লিমকা বুক অফ ৰেকৰ্ড গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে উদ্যোক্তাসকলে ৷

উল্লেখ্য যে,ধুবুৰী জিলাত প্ৰতি বছৰে প্ৰয়োজন হয় কমেও পাঁচ হাজাৰ খন দোতৰা আৰু পাঁচ হাজাৰ চাৰিন্দা। যাৰ বজাৰ মূল্য হয় প্ৰায় তিনি কোটি টকা। প্ৰয়োজনীয় এই লোকবাদ্য সমূহ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়। নতুবা বহিঃৰাজ্যৰ শিল্পীসকলে এই লোকবাদ্য নিৰ্মাণ কৰি উপাৰ্জন কৰিছে বছৰি তিনি কোটি কৈ টকা। কেৱল এয়াই নহয় প্ৰতি বছৰে বিহুৰ সময়ত অসমৰ প্ৰয়োজনীয় ঢোল সমূহ নিৰ্মাণ কৰা নব্বৈ শতাংশ শিল্পী বহিঃৰাজ্যৰ। ঢোল সমূহ নিৰ্মাণৰ বিনিময়ত বহিঃৰাজ্যৰ শিল্পীয়ে প্ৰতি বছৰে উপাৰ্জন লৈ যায় বিশ কোটি টকা। লোকবাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বিপৰীতে অসমৰ নিবনুৱা সমস্যা দূৰ কৰা আৰু স্থানীয় শিল্পীসকলক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যেই অসম চৰকাৰে হাতত লৈছে মুখ্যমন্ত্ৰীৰ সমগ্ৰ উন্নয়ন যোজনা নামৰ এক অভিলাসী আঁচনিৰ অধীনত সাংস্কৃতিক নৱ জাগৰণ অভিযান। যি আঁচনিৰ জৰিয়তে গৌৰীপুৰত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ লৈ চলিছে লোকবাদ্য নিৰ্মাণৰ কৰ্মশালা।