নিউজ ডেস্ক, 8 আগষ্টঃ ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ ৷ জিলা খাদ্য আৰু যোগান বিভাগৰ অভিযানত ধুবুৰীৰ এ আৰ ট্ৰেডাৰ্চৰ গুদামৰ পৰা জব্দ কৰিলে প্ৰায় ৪২ কুইন্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল। জিলা খাদ্য আৰু যোগান বিভাগৰ বিষয়া বিপিন চক্ৰৱৰ্তীৰ নেতৃত্বত চলিছিল এই অভিযান।
ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং চালান দিয়াৰ অভিযোগ আছিল দীৰ্ঘদিনীয়া। তাৰেই ভিত্তিত জিলা খাদ্য আৰু যোগান বিভাগে অভিযান চলাই জব্দ কৰে চাউলখিনি ৷