ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে এনআৰচিৰ আঁসোৱাহ মুক্ত তালিকা বিচাৰে ধুবুৰীবাসীয়ে

author img

By

Published : Aug 28, 2020, 7:24 PM IST

Updated : Aug 28, 2020, 7:59 PM IST

বিগত বৰ্ষৰ 31 আগষ্টত প্ৰকাশ পাইছিল এনআৰচিৰ চূড়ান্ত খচৰা ৷ এই খচৰা প্ৰকাশৰ এবছৰ সম্পূৰ্ণ হ’ব 31 আগষ্টত ৷ কিন্তু এবছৰ পিছতো অসমবাসীয়ে লাভ নকৰিলে এখন শুদ্ধ এনআৰচি ৷ যাক কেন্দ্ৰ কৰি সচেতন ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ লগতে অভিযোগো উত্থাপন হৈছে ৷ চলিত বৰ্ষত নাগৰিকত্ব সংশোধনী আইন আৰু লক ডাউনৰ বাবে লেহেমীয়া হৈছে এনআৰচি-ৰ কাম ৷

Dhubri residents seek NRC list ahead of polls Dhubri assam etv bharat news
আঁসোৱাহ মুক্ত তালিকা বিচাৰে ধুবুৰীবাসীয়ে

ধুবুৰী,28 আগষ্ট: অসমত দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া ৷ 2013 চনত দেশৰ সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আৰম্ভ হৈছিল এনআৰচি উন্নীতকৰণৰ কাম ৷ কিন্তু পৰৱৰ্তী 2015 চনৰ মে’ মাহতহে আৰম্ভ হয় ইয়াৰ আবেদন প্ৰক্ৰিয়া ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে, ধুবুৰী জিলাত আবেদন কৰিছিল 17,12,631 গৰাকী লোকে ৷ এনআৰচি ৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল জিলাখনৰ 94,375 গৰাকী লোক ৷ বিপৰীতে 16,18,256 গৰাকীৰ নাম অন্তৰ্ভূক্ত হৈছিল চূড়ান্ত খচৰাত তালিকাত নাম প্ৰকাশিত ব্যক্তিসকলে আনন্দিত হোৱাৰ বিপৰীতে একাংশৰ মাজত সৃষ্টি হৈছিল হতাশা ৷ এয়া প্ৰায় এবছৰ পূৰ্বৰ কথা ৷ সম্প্ৰতি যেন ৰাইজ আগৰদৰে ব্যস্ত হৈ থকা নাই এনআৰচি-ক কেন্দ্ৰ কৰি ৷ কিয়নো এনআৰচিক লৈ আগৰদৰে নাই কোনো চৰ্চা ৷

নিৰ্বাচনৰ পূৰ্বে এনআৰচিৰ আঁসোৱাহ মুক্ত তালিকা বিচাৰে ধুবুৰীবাসীয়ে

বিগত বৰ্ষৰ 31 আগষ্টত প্ৰকাশ পাইছিল এনআৰচিৰ চূড়ান্ত খচৰা ৷ এই খচৰা প্ৰকাশৰ এবছৰ সম্পূৰ্ণ হ’ব 31 আগষ্টত ৷ কিন্তু এবছৰ পিছতো অসমবাসীয়ে লাভ নকৰিলে এখন শুদ্ধ এনআৰচি ৷ যাক কেন্দ্ৰ কৰি সচেতন ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ লগতে অভিযোগো উত্থাপন হৈছে ৷ চলিত বৰ্ষত নাগৰিকত্ব সংশোধনী আইন আৰু লক ডাউনৰ বাবে লেহেমীয়া হৈছে এনআৰচি-ৰ কাম ৷ পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে ধুবুৰীবাসীয়ে দাবী কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱাটো ৷

কিন্তু কি পৰ্যায়ত আছে এনআৰচি-ৰ উন্নীতকৰণ প্ৰক্ৰিয়া? সেয়া জানিবলৈ ইটিভি ভাৰত সাংবাদিকে কাষ চাপিছিল এনআৰচিৰ দায়িত্বত থকা বিষয়াৰ ওচৰত ৷ কিন্তু এইক্ষেত্ৰত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে এনআৰচিৰ দায়িত্ববাহী বিষয়া-কৰ্মচাৰীয়ে ৷

লগতে চাওকঃ এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

Last Updated : Aug 28, 2020, 7:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.