ETV Bharat / state

Dhubri Police disposes narcotics: ধুবুৰীৰ ইটাভাটাত জলিল জব্দকৃত ড্ৰাগছ

author img

By

Published : Mar 23, 2023, 10:05 AM IST

ধুবুৰীত জব্দকৃত ড্ৰাগছ দাহ কৰিলে ধুবুৰী জিলা আৰক্ষীয়ে ৷ জব্দকৃত ৩ কোটি ১৭ লাখ ৯ হাজাৰ ৪৪০ টকাৰ ড্ৰাগছ দাহ কৰিলে আৰক্ষীয়ে (Dhubri Police disposes narcotics) । এই দাহন স্থানৰ পৰাই ড্ৰাগছ মাফিয়ালৈ সকীয়নী প্ৰদাীনৰ লগতে অভিভাৱকৰ সহযোগ বিচাৰিছে জিলা আৰক্ষীয়ে ৷ এখন ড্ৰাগছ নিৰ্মূল ধুবুৰী গঢ়াৰ লক্ষ্য ধুবুৰী জিলা প্ৰশাসনৰ লগতে আৰক্ষীৰ ।

Anti drug drive
ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

ধুবুৰী, 23 মাৰ্চ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত থাকিব । ড্ৰাগছ নিৰ্মূল অভিযানৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ তথা অভিভাৱক সকলে আৰক্ষীক সহযোগ কৰিব লাগিব । এই মন্তব্য ধুবুৰী জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ । বুধবাৰে ধুবুৰীৰ গৌৰীপুৰত পূৰ্বে জব্দকৃত ড্ৰাগছ দাহনস্থলীত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ বিভিন্ন থানা এলেকাত জব্দকৃত ড্ৰগছকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য বুধবাৰে গৌৰীপুৰৰ এছ কে পি নামৰ এটা ইটাভাটাত জ্বলাই নষ্ট কৰা হয় (Dhubri Police Disposes of Narcotics worth over 3 crore) । আৰক্ষীয়ে দণ্ডাধীশ আৰু প্ৰদূষণ বিভাগৰ বিষয়াৰ উপস্থিতিত ড্ৰাগছকে বিভিন্ন নিচাজাতীয় সামগ্ৰীসমূহৰ একাংশ দাহন কৰাৰ বিপৰীতে আন একাংশ মাটিৰ তলত পুতি নষ্ট কৰে । তথ্য অনুসৰি ধুবুৰী জিলাৰ সদৰ আৰক্ষী থানাৰ লগতে গৌৰীপুৰ, গোলকগঞ্জ, আগমণি, তামাৰহাট, সাপট গ্ৰাম, চাপৰ আৰু বিলাসীপাৰা আৰক্ষী থানাকে ধৰি আঠখনকৈ আৰক্ষী থানা এলেকাত জব্দ কৰা ৯৩.৪৯ কিলোগ্ৰাম গাঞ্জা , ১৩৩.৫১ গ্ৰাম হিৰ’ইন, ৪৩৯.৯১ গ্ৰাম ব্ৰাউন চুগাৰ, ৬৭,৯১১ টা নিষিদ্ধ নিচাজাতীয় টেবলেট আৰু ২১,২৩১ হেজাৰ নিষিদ্ধ নিচাজাতীয় কফ চিৰাপৰ বটল আজি আনুষ্ঠানিকভাৱে নষ্ট কৰা হয় ।

বিগত দুটা বছৰত ধুবুৰী জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকী এলেকাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ বিপৰীতে এই সন্দৰ্ভত ৰুজু কৰা হ়ৈছিল মুঠ ১৪৬ টা গোচৰ (Dhubri police raid against drugs) । এনে গোচৰৰ ভিত্তিত এই অপৰাধৰ সৈতে জড়িত থকা ২০০ ৰো অধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে সদৰি কৰা মতে, জব্দকৃত তথা নষ্ট কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য আছিল ৩ কোটি ১৭ লাখ ৯ হাজাৰ ৪৪০ টকা । আগন্তুক দিনতো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি কৈ ড্ৰাগছ মাফিয়া তথা ড্ৰাগছ সৰবৰাহকাৰীলৈ চৰম সকীয়নি প্ৰদান কৰে ধুবুৰী জিলা আৰক্ষীক অপৰ্ণা নটৰাজনে ৷

সকীয়নিৰ লগতে সাধাৰণ ৰাইজৰ পৰা অভিভাৱকলৈ সকলোকে আৰক্ষী প্ৰশাসনক সহযোগ কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনায় জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে । সমান্তৰালভাৱে সাধাৰণ ৰাইজ আৰু অভিভাৱক সকলক সজাগ হৈ আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ সন্তানক ড্ৰাগছৰ কৱলৰ পৰা আঁতৰত ৰাখিবলৈ হ’লে খেল ধেমালিকে ধৰি বিভিন্ন সৃষ্টিশীল কামত অংশ লোৱাটো খুবেই জৰুৰী বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই । মুঠৰ ওপৰত বুধবাৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ নষ্ট কৰি ড্ৰাগছ নিৰ্মূল ধুবুৰী গঢ়াৰ লক্ষ্যত অনাগত দিনত ড্ৰাগছ বিৰোধী অভিযান আৰু অধিক তীব্ৰ ৰূপত অব্যাহত থাকিব জনালে ধুবুৰী আৰক্ষয়ে (Anti drug drive)।

লগতে পঢ়ক : Govt officer arrested for taking bribe: GMC ৰ ঘোচখোৰ মুখ্য অভিযন্তাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.