ধুবুৰী ,১২ জানুৱাৰী : প্ৰতিবছৰে স্বামী বিবেকানন্দৰ জন্ম দিনটো দেশত "ৰাষ্ট্ৰীয় যুৱ দিৱস" হিচাপে পালন কৰা হয় । মঙলবাৰেও দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হয় স্বামী বিবেকানন্দৰ ১৫৮ সংখ্য়ক জন্ম দিৱস আৰু "ৰাষ্ট্ৰীয় যুৱ দিৱস" । অসমৰ ধুবুৰী জিলাৰো ভিন্ন প্ৰান্তত পালন কৰা হয় এই দিৱস । ধুবুৰী চহৰৰ শ্ৰীশ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমটো স্বামী বিবেকানন্দৰ জন্ম দিৱসকলৈ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিলে "বিবেকালম" নামৰ এটি সামাজিক সংস্থাই । দিৱসৰ লগত সংগতি ৰাখি দুখীয়া পৰিয়ালৰ কণ-কণ ল'ৰা-ছোৱালীৰ মাজত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰাৰ উপৰিও খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । পিছত বিবেকানন্দ বিদ্যাপীঠত অধ্যয়ন কৰা প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্য়াহ্ন আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰে ৰামকৃষ্ণ সেৱাশ্ৰমৰ সদস্য সকলে । লগতে নৱ প্ৰজন্মৰ মাজত স্বামী বিবেকানন্দৰ আদৰ্শ জীয়াই ৰখাৰ বাবে আলোচনা সভাৰ আয়োজন কৰা হয় ।
লগতে পঢ়ক : মহানগৰীত যাত্ৰীৰ পৰা গুলপীয়া বাছ সম্পৰ্কে অভিমত গ্ৰহণ