ETV Bharat / state

Dhubri mysterious death case: এজন যুৱকৰ মৃত্যু আৰু আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ বাবদ ভেঁটি বিচৰাৰ অভিযোগ - সিন্দুৰাই গাঁৱৰ আজিজুৰ ৰহমান

এক ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ পৰিয়ালে থানাত দিছিল অভিযোগ ৷ কিন্তু বাৰে প্ৰতি পইচা বিচাৰি আমনি কৰা আৰক্ষীয়ে পুংখানুপুংখ তদন্ত নকৰাৰ অভিযোগ (Dhubri mysterious death case ) ৷ তদন্ত কৰিবলৈ অহা আৰক্ষীৰ ভাষ্য, ‘‘আমাৰ ল’ৰা কেইটা আহিছে, কিবা এটা চাহ-পানীৰ পইচা দিব লাগিব’’ ৷ সবিশেষ আগলৈ-

dhubri mysterious death case
এজন যুৱকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Apr 26, 2023, 7:00 PM IST

আত্মীয়ৰ প্ৰতিক্ৰিয়া

ধুবুৰী, 26 এপ্ৰিল : ধুবুৰীৰ সিন্দুৰাই অঞ্চলত মঙলবাৰে নিশা সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিৱেশ । যুৱকজনক হত্যাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে । মৃত্যু হোৱা যুৱকজন সিন্দুৰাই গাঁৱৰ আজিজুৰ ৰহমান । পেচাত গাড়ী চালক আজিজুৰ ৰহমান গাঁওখনৰ আবৰ আলীৰ পুত্ৰ ।

ঈদৰ দুদিন পূৰ্বে অৰ্থাৎ ২০ এপ্ৰিলৰ দিনা জাহাংগীৰ আলম আৰু মফিজুল নামৰ দুজন যুৱকে ঘৰৰ পৰা মাতি নিছিল আজিজুৰ ৰহমানক । মাতি নিয়াৰ কিছু সময় পিছত ঘৰৰ পিছফালে থকা মাকৈ খেতিত চিঞৰ বাখৰ শুনা পায় পৰিয়ালৰ লোকে । চিঞৰ বাখৰ অনুসৰণ কৰি পৰিয়ালৰ লোকে দৌৰী গৈ আজিজুৰ ৰহমানক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে যদিও বাকী যুৱক দুজনে পলায়ন কৰে । পৰিয়ালৰ লোকে তৎক্ষণাত আজিজুৰক উদ্ধাৰ কৰি আগমনি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ধুবুৰী DMCH আৰু DMCH কৰ্তৃপক্ষ‌ই GMCH লৈ প্ৰেৰণ কৰে (Dhubri mysterious death case ) ।

পৰিয়ালৰ লোকে সেইদিনাই আজিজুৰ ৰহমানক GMCH লৈ যায় । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পিছদিনা আগমনি থানাত এজাহাৰ দাখিল কৰে যদিও আগমনি আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত আৰম্ভ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । আৰক্ষীয়ে ঘোচ বিচৰাৰ কথাও উল্লেখ কৰে পৰিয়ালে ৷ তাৰ মাজতে GMCH ত চিকিৎসাধীন অৱস্থাতে সোমবাৰৰ নিশা ১১ বজাত আজিজুৰ ৰহমানৰ মৃত্যু হয় ।

মঙলবাৰৰ সন্ধিয়া মৃতদেহ ঘৰলৈ গৈ পোৱাৰ পিছত আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ নিশাৰ ভাগত উত্তেজিত ৰাইজে মৃতদেহ লৈ আগমনি থানা ঘেৰাও কৰিবলৈ আগবাঢ়ি যায় । ৰাইজে মৃতদেহ লৈ থানা ঘেৰাও কৰিবলৈ যাবলৈ ধৰা খবৰ লাভ কৰি আগমনি থানাৰ আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আধা বাটৰ পৰা উত্তেজিত ৰাইজক ঘূৰাই পঠায় । ইয়াকে লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে গাঁওখনত ।

আজিজুৰ ৰহমানক নিচাজাতীয় দ্ৰব্য খুৱাই জাহাংগীৰ আলম আৰু মফিজুল হকে মূৰত আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে (youth named Ajijur Rehman killed by miscreants says family) । কিন্তু আগমনি আৰক্ষীৰ চৰম হেমাহীৰ বাবে সঠিক তদন্তৰ অভাৱত সমগ্ৰ ঘটনা এতিয়াও অন্ধকাৰত আছে । জাহাংগীৰ আলম গোলকগঞ্জ থানাৰ বিচনদৈ প্ৰথম খণ্ড গাঁৱৰ মনোৱাৰ হুছেইন বেপাৰীৰ পুত্ৰ । আনহাতে মফিজুল হক একে গাঁৱৰে ছাহজাহান আলীৰ পুত্ৰ । মুঠতে এতিয়া মৃতকৰ পৰিয়ালৰ লোকে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সঠিক তদন্ত কৰালৈ আশাৰে বাট চাইছে ।

লগতে পঢ়ক : Protest at tea estate: চাহ বাগিচাৰ মহিলা শ্ৰমিকক অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.