ধুবুৰী,13 জুলাইঃ ধুবুৰীৰ মুৱামাৰী গাঁৱত বিগত পোন্ধৰ বছৰে ৰাইজে যাতায়তৰ নামত ভোগ কৰিছে নৰক যন্ত্ৰণা ৷ মুৱামাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁৱৰ যোগাযোগৰ একমাত্ৰ সূত্ৰ গদাধৰ নৈৰ ওপৰত থকা দলঙখন পোন্ধৰ বছৰ পূৰ্বে ভাঙি যায় ৷ কিন্তু জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ অবহেলাৰ বাবে গদাধৰ নৈৰ ওপৰত আজিৰ্যন্ত নিৰ্মাণ নহ’ল দলং ৷ যাৰ বাবে উপায়ন্তৰ হৈ ৰাইজে প্ৰতিবছৰে বাৰিষা নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে বাঁহৰ সাঁকো ৷
উল্লেখ্য যে, এবছৰ পূৰ্বে গদাধৰ নৈৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণৰ বাবে প্ৰায় পাঁচ কোটি টকাৰ এখন আঁচনি ঘোষণা কৰা হৈছিল ৷ এই আঁচনিখনৰ কামৰ টেণ্ডাৰো ইতিমধ্যে সম্পন্ন হৈছে ৷ কিন্তু বিগত এটা বছৰে আৰম্ভ কৰা নহ’ল দলং নিৰ্মাণৰ কাম । যাৰ ফলত ক্ষোভিত ৰাইজে এইবেলিও ব্যক্তিগত পুঁজিৰে নিৰ্মাণ কৰি লৈছে বিশাল বাঁহৰ দলং। আনহাতে, মুৱামাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁও দুখন দুটা পৃথক বিধানসভা সমষ্টিৰ অধীনস্থ হোৱা বাবেই দলং নিৰ্মাণত পলম হোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷

লগতে পঢ়ক- ক্ৰমশঃ জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি