ETV Bharat / state

ধুবুৰীত ১৯ লাখ টকা লুটিলে দুৰ্বৃত্তই

author img

By

Published : Nov 13, 2020, 9:23 PM IST

ধুবুৰীত পুনৰ দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা। মছজিদৰ পৰা টকাৰ বেগ লুটি লৈ গল দুৰ্বৃত্তই। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ধুবুৰী চহৰত। চিচিটিভি কেমেৰাত বন্দী হৈছে তিনি দুৰ্বৃত্তৰ টকাৰ বেগ লৈ উধাও হোৱা দৃশ্য ৷

dhubri-money-loot
ধুবুৰীত ১৯ লাখ টকা লুটিলে দুৰ্বৃত্তই

ধুবুৰী, 13 নৱেম্বৰ : শুকুৰবাৰে ধুবুৰী চহৰত ১৯ লাখ টকা ভৰ্তি এটা বেগ লুটি লৈ উধাও হয় দুৰ্বৃত্ত। জানিব পৰা মতে, ধুবুৰী চহৰৰ বালুৰচৰ মছজিদত শুকুৰবাৰে নামাজৰ বাবে মছজিদত বহু সংখ্যক ৰাইজৰ আগমন ঘটে। তেনে সময়তে দক্ষিণ শালমাৰাৰ চায়েদ আলি নামৰ এজন নাৱৰীয়াই বেগৰ ভিতৰত ১৯ লাখ ৪ হাজাৰ টকা লৈ অজু কৰিবলৈ যায়। কাষতে টকাৰ বেগটো থৈ অজু কৰিবলৈ লওঁতেই পিছ ফালৰ পৰা টকাৰ বেগটো লৈ উধাও হয় অচিনাক্ত দুৰ্বৃত্তই। ইপিনে টকাখিনি লৈ যোৱাৰ পিছতেই লোকজনে চিঞৰ বাখৰ কৰে আৰু ইফাল সিফাল বিচাৰি ফুৰে যদিওঁ দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

ধুবুৰীত ১৯ লাখ টকা লুটিলে দুৰ্বৃত্তই

ঘটনাৰ খবৰ পাই ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চি চি কেমেৰাত বন্দী হোৱা দৃশ্যৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। চি চি টিভি কেমেৰাত বন্দী হৈছে তিনি দুৰ্বৃত্তৰ টকাৰ বেগ লৈ উধাও হোৱা চাঞ্চল্যকৰ দৃশ্য।

ইপিনে ভুক্তভোগী নাৱৰীয়া চায়েদ আলীৰ মতে, শুকুৰবাৰ নামাজৰ পূৰ্বে প্ৰায় এঘাৰ মান বজাত কোনোবাই কাপোৰত বান্দৰ কেঁকোৰা ছটিয়াই দিয়াৰ সন্দেহ কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতেই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চায়েদ আলী নামৰ নাৱৰীয়াজনে জনোৱা মতে, দীৰ্ঘ দিনৰে পৰা দক্ষিণ শালমাৰাৰ বিভিন্ন ব্যৱসায়ী তথা দোকানীৰ লাগতিয়াল খৰচ সমূহ ধুবুৰীৰ পৰা ক্ৰয় কৰি নি যোগান ধৰি আহিছিল। সেইদৰে আজিও বিভিন্ন ব্যৱসায়ীৰ খৰচ ক্ৰয়ৰ বাবে টকাখিনি সংগ্ৰহ কৰি ধুবুৰীলৈ গৈছিল চায়েদ আলীয়ে।
এতিয়া আৰক্ষীয়ে লাভ কৰা চিচিটিভি কেমেৰাৰ দৃশ্যৰ ভিত্তিত কেনে ধৰণে তদন্ত প্ৰক্ৰিয়া চলাই নিয়ে আৰু তিনি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ‘ব।

লগতে পঢ়ক: বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.