ধুবুৰী, 26 নৱেম্বৰঃ ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ চোৰাং গৰুৰ ভয়াৱহ ছিণ্ডিকেট এতিয়াও বন্ধ কৰিব পৰা নাই প্ৰশাসনে ৷ দীৰ্ঘ দিনৰে পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰ চলি আহিছে সেয়া সকলোৰে জ্ঞাত। আৰক্ষী আৰু বি এছ এফে মাজে সময়ে কিছু গৰু জব্দ কৰে যদিও এতিয়াও সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং কাৰবাৰ।
আৰক্ষীয়ে অৱগত কৰা মতে,বিভিন্ন অঞ্চলেৰে থলুৱা গৰু সমূহ ভাগে ভাগে খেদি নি সীমান্তৰ বিভিন্ন কঁহুৱা বনৰ মাজত জমা কৰা হয়। তাৰ পিছতে সুযোগ বুজি বাংলাদেশলৈ চোৰাং চালান কৰে চোৰাং গৰু ব্যৱসায়ীয়ে। কিন্তু প্ৰথমাৱস্থাত বিহাৰ উত্তৰ প্ৰদেশৰ উন্নত প্ৰজাতিৰ গৰু সমূহ বাংলাদেশলৈ চালান কৰা হৈছিল যদিও সম্প্ৰতি জাকে জাকে থলুৱা প্ৰজাতিৰ গৰুৰ পোৱালিসমূহ সৰবৰাহ কৰা হৈছে বাংলাদেশলৈ। মঙলবাৰে পুৱতি নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বাইলাৰ চৰত বাঁহৰ পাতি ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষীৰ দল এটাই অভিযান চলায় চোৰাং গৰুৰ বিৰুদ্ধে। অভিযানত আৰক্ষীয়ে মুঠ ৬৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
এইচ আহমেদ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,