ETV Bharat / state

নিবনুৱাক সংস্থাপন দিয়াৰ নামত ধুবুৰীত লাখ লাখ টকা লুণ্ঠন ভুৱা কোম্পানীৰ - fround

ইপিনে চাকৰিৰ টকা জমা দিয়াৰ কিমান মাহ পিছতো চাকৰি নোপোৱাৰ ফলত ভূক্তভোগী সকলে কোম্পানীটোৰ পৰা আদায় দিয়া টকাখিনি উভতাই বিচাৰে । কিন্তু  OBEY ৰ ত্ৰিমূৰ্তিয়ে টকা উভতাই বিচৰা সকলক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে ভূক্তভোগী সকলে ।

লুণ্ঠন ভুৱা কোম্পানীৰ
author img

By

Published : Aug 5, 2019, 9:48 PM IST

ধুবুৰী, 5 আগষ্টঃ সাৰদা, ৰোজ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীৰ পিছত এইবাৰ ক'ব ওলাইছো ধুবুৰীৰ OBEY নামৰ এটা কোম্পানীটোৰ বিষয়ে। নলবাৰীৰ দ্বিজেন ঠাকুৰীয়া, পত্নী ৰবিতা হাছান আৰু কলকাতাৰ দ্রুৱজ্যোতি দাসে মিলি OBEY নামৰ এটা ব্যক্তিগত কোম্পানীৰ জৰিয়তে নিবনুৱাক লুণ্ঠনৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ একাংশ ৰাইজৰ। সাৰদা, ৰ'জ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীয়ে বিগত বছৰ সমূহত হাজাৰ হাজাৰ নিবনুৱা আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা কোটি কোটি টকা লুটি নিয়াৰ পিছত এইবাৰ চাকৰি দিয়াৰ নামত OBEY নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰীয়ে বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱাক লুন্ঠন চলাই ৷

লুণ্ঠন ভুৱা কোম্পানীৰ

ইপিনে চাকৰিৰ টকা জমা দিয়াৰ কিমান মাহ পিছতো চাকৰি নোপোৱাৰ ফলত ভূক্তভোগী সকলে কোম্পানীটোৰ পৰা আদায় দিয়া টকাখিনি উভতাই বিচাৰে । কিন্তু OBEY ৰ ত্ৰিমূৰ্তিয়ে টকা উভতাই বিচৰা সকলক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে ভূক্তভোগী সকলে । এনে সময়তে এই সকল ভূক্তভোগী নিবনুৱাই সোমবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এখন লিখিত এজাহাৰ দাখিল কৰাৰ পিছত ধুবুৰী আৰক্ষীয়ে ভুৱা কোম্পানীটোৰ কাৰ্য্যালয়ত অভিযান চলায়।

Intro: পুণৰ নিবনুৱাক সংস্থাপন দিয়াৰ নামত ধুবুৰীত লাখ লাখ টকা লুণ্ঠন ভুৱা কোম্পানীৰ। ভূক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে দুজনক।

Body:

হয়, সাৰদা, ৰোজ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীৰ পিছত এইবাৰ ধুবুৰীত ওলাইছে OBEY নামৰ এটা কোম্পানী। নলবাৰীৰ দ্বিজেন ঠাকুৰীয়া পত্নী ৰবিতা হাছান আৰু কলকাতাৰ দ্রুৱজ্যোতি দাসে মিলি OBEY নামৰ এটি কোম্পানী খুলি লুণ্ঠনৰ ফান্দ পাতিছে ধুবুৰী চহৰত। সাৰদা, ৰোজ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীয়ে বিগত কেইটা বছৰত হাজাৰ হাজাৰ নিবনুৱা আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা কোটি কোটি টকা লুটি নিয়াৰ পিছত এইবাৰ চাকৰি দিয়াৰ নামত OBEY নামৰ এটা কোম্পানীয়ে বিভিন্ন বিভাগত চাকৰি দিয়াৰ লগতে কিষাণ কল চেণ্টাৰ দিয়াৰ নামত জিলা খনৰ বিভিন্ন স্থানৰ এই সকল ভূক্তভোগী নিবনুৱা যুৱক সকলৰ পৰা ত্ৰিশ/চল্লিছ হাজাৰৰ পৰা এক ডেৰ লাখ টকা লৈকে সংগ্ৰহ কৰিছে। যদিওঁ চাকৰি দিয়া নাই কোনো এজন যুৱকক। ইপিনে চাকৰি টকা জমা দিয়াৰ কেইটা মাহ পিছতো চাকৰি নোপোৱাৰ ফলত ভূক্তভোগী সকলে আদায় দিয়া টকাখিনি উভতাই বিচাৰে। কিন্তু ধুৰন্ধৰ OBEY ৰ ত্ৰিমূৰ্তিয়ে টকা উভতাই বিচৰা সকলক ভাবুকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উঠিছে। এনে সময়তে এই সকল ভূক্তভোগী নিবনুৱাই আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এখন লিখিত এজাহাৰ দাখিল কৰাৰ পিছত ধুবুৰী আৰক্ষীয়ে ভুৱা কোম্পানীটোৰ কাৰ্য্যালয়ত অভিযান চলায়।

Byte:- ইফটিকাৰ আলী, ভূক্তভোগী

ইপিনে আৰক্ষীয়ে অভিযান চলাই কাৰ্য্যালয়টোৰ পৰা বিভিন্ন নথিপত্ৰ জব্দ কৰাৰ বিপৰীতে দ্বিজেন ঠাকুৰীয়াৰ লগতে এজন কৰ্মচাৰীক আটক কৰি সম্প্ৰতি তদন্ত আৰম্ভ কৰিছে।

Byte:- নিৰূপম হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক।

Conclusion: লক্ষণীয় বিষয় যে, সাৰদা, ৰোজ ভেলী আৰু জীৱন সুৰক্ষাকে ধৰি বহু কেইটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানে কোটি কোটি টকা লুটি নিয়াৰ পিছতো আজিলৈ ভূক্তভোগীয়ে এটকাও উভতাই পাবলৈ সক্ষম নহল। তেনে স্থলত এই সকল নিবনুৱা দিয়া লাখ লাখ টকা উভতাই পাবলৈ সক্ষম হব নে নহয় সেয়াই এক বৃহৎ প্ৰশ্ন।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.