ধুবুৰী,১৩ জানুৱাৰী: ড্ৰাগছৰ বেহা চলোৱা অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান । ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰে । আৰক্ষীয়ে ৩ জন যুৱককো গ্ৰেপ্তাৰ কৰে । ধৃত যুৱককেইজন ক্ৰমে ৰফিকুল ইছলাম, নুৰ মহম্মদ আৰু ছামিম শেখ । তিনিওজনৰে পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে তিনিওজনৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি ধুবুৰী আদালতত হাজিৰ কৰায় ।
আনহাতে, নিচাজাতীয় ঔষধৰ অবৈধ বেহা সন্দৰ্ভত আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে । ধুবুৰীত এনে বহু যুৱকে এতিয়া ড্ৰাগছৰ অবৈধ বেহা আৰম্ভ কৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । আৰক্ষীয়ে মাজে মাজে অভিযান চলায় যদিও হ্ৰাস পোৱা নাই ড্ৰাগছ সৰবৰাহৰ ঘটনা ।
লগতে পঢ়ক:ৰাজ্যৰ ভিন্ন প্ৰান্তত ভোগালীৰ প্ৰস্তুতি...