ধুবুৰী, 2 জুলাই: ৰাজ্যজুৰি বানৰ প্ৰলয়ংকাৰী ৰূপ (Assam Flood 2022)৷ ইয়াৰ মাজতেই ধুবুৰীত শুকুৰবাৰে 39 তম জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (Dhuburi district day observed)৷ ব্যাপক উৎসাহ-উদ্দীপনাৰে জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত এই বিশেষ দিনটো পালন কৰা হয় ৷
মধ্যযুগৰ শাসন ব্যৱস্থাৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল ধুবুৰী ৷ কোচ ৰজাৰ কৰ সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল ধুবুৰী ৷ কোচ ৰজাৰ শাসনৰ সময়ত ধুবুৰীৰ গুৰুত্ব ইমান অধিক আছিল যে কেৱল ধুবুৰীৰ বাবে এবিধ বিশেষ মুদ্ৰা প্ৰচলন কৰা হৈছিল ৷ মধ্যযুগৰ পৰা ব্ৰিটিছ ৰাজত্ব আৰু স্বাধীনোত্তৰ কালৰ পৰা ১৯৮৩ চনত পৃথক ধুবুৰী জিলা গঠনৰ সময়লৈকে ইতিহাসৰ বহু দিশ আলোকপাত কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মুদ্ৰা বিশেষজ্ঞ শংকৰ কুমাৰ বসুৱে ৷
এই বিশেষ অনুষ্ঠানত উপস্থিত হৈ ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে (DC Anbamuthan M P) আদৰণি ভাষণত কয় যে, ১৯৮৩ চনৰ ১ জুলাইত ধুবুৰী জিলা গঠন হৈছিল ৷ জিলাখনৰ ইতিহাস আৰু ঐতিহ্য নতুন প্ৰজন্মক পৰিচয় কৰাৰ বাবে এই জিলা দিৱসৰ আয়োজন কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰৱ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস আৰু ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী ৷ এই সভাত ধুবুৰীৰ কেবাজনো বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷
ইয়াৰ সমান্তৰালকৈ এই দিৱসৰ লগত সংগতি ৰাখি শিক্ষাৰ্থী সকলৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ বিয়লিৰ সাংস্কৃতিক অনুষ্ঠানত গোৱালপৰীয়া লোকগীত, কুষাণ নৃত্য, সত্ৰীয়া নৃত্য, ৰবীন্দ্ৰ সংগীত আদি পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে ৷ জিলাখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নিশালৈ চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত বাসস্থানসমূহ পোহৰেৰে আলোকিত কৰি তোলা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: Kokrajhar District Day: কোকৰাঝাৰ জিলা দিৱস উদযাপন