ETV Bharat / state

ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৬৩৬ জনলৈ বৃদ্ধি

author img

By

Published : May 5, 2021, 11:11 AM IST

ধুবুৰীত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত নতুনকৈ ৭১ জন লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ত । ধুবুৰীত বৰ্তমানলৈকে ৬৩৬ জন লোক মহামাৰীৰ কবলত পৰিছে ।

Dhubri covid situation
ধুবুৰীত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা

ধুবুৰী, ৫ মে': সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ । সংক্ৰমণ ৰোধৰ বাবে বৰ্তমান সান্ধ্য আইনৰ সময়সূচীও সালসলনি কৰা হৈছে । তথাপিও জিলাই জিলাই বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা । ধুবুৰী জিলাত এতিয়ালৈকে ৬৩৬ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

জিলাখনত নতুনকৈ ৭১ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, জিলাখনত বৰ্তমানলৈকে ৬ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । ধুবুৰীত নতুনকৈ দুজন ৰোগীৰ মৃত্যু হৈছে । ইয়াৰে এজন ধুবুৰীৰ বিদ্যাপাৰাৰ জাকিৰ হুছেইন আৰু আনজন হৈছে সাপটগ্ৰামৰ ফুটকীবাৰীৰ বিশ্ব নাথ ।

ইফালে, জিলাখনত ৯১ গৰাকী লোক সুস্থ হৈ উঠিছে । বৰ্তমান ধুবুৰীত ৫৩৯ গৰাকী সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.