ধুবুৰী, 10 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক আইনৰ বিৰুদ্ধে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি বিৰোধী দল সমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো কংগ্ৰেছৰ ফালৰ পৰা শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

শনিবাৰে ধুবুৰী জিলাৰ ৰাজীৱ ভৱনত ধুবুৰী গ্ৰামীণ আৰু টাউন মণ্ডল ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰাক্তন বিধায়ক জাহান উদ্দিন আহমেদ, যুৱ নেতা আবেদুৰ জামানৰ উপস্থিতিত গ্ৰামীণ আৰু টাউন মণ্ডলৰ সভাপতিৰ নেতৃত্বত কংগ্ৰেছে ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে ।
উল্লেখ্য যে, ধুবুৰী ৰাজীৱ ভৱনৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন ব্লকতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে ।
লগতে পঢ়ক : কৃষক আইনৰ বিৰুদ্ধে হাতে হাতে নাঙল-যুঁৱলি লৈ কংগ্ৰেছৰ প্ৰতিবাদ