ধুবুৰী, 4 জুলাইঃ লক ডাউনৰ সময়ছোৱাত বাংলাদেশলৈ গৰুৰ চোৰাং চালান বন্ধ হৈছিল যদিও পুনৰ সক্ৰিয় হৈছে চোৰাং বেপাৰীৰ চোৰাং কাৰবাৰ । এনে এক গোপন তথ্যৰ ভিত্তিত নিশা ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী চকীৰ এটা দলে গোলকগঞ্জৰ পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ জিয়াদুল আলী নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই বাংলাদেশলৈ চোৰাংকৈ পঠিওৱাৰ বাবে সাজু কৰা ৫২ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷
![DHUBRI CATTLE SIZED WITH THREE SMUGGLERS TV BHARAT NEWS ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7886077_dddd.jpg)
অৱশ্যে আৰক্ষী অহাৰ উমান পাই গৰুৰ চোৰাং বেপাৰীগৰাকী এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। ইপিনে চোৰাং বেপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে। নিশা ৰাজপথত নাকা চেকিং বহুৱাই তালাচী অভিযান আৰম্ভ কৰে আৰক্ষীয়ে। অভিযানত AS-17F-9783 নম্বৰৰ এখন মাৰুতি বাহনত তালাচী চলাওতেই আটক হয় তিনিজনকৈ চোৰাং গৰু বেপাৰী। ধৃত আলতাপ হুছেইন,হাফিজ খান আৰু আমিনুল ইছলামৰ জিম্মাৰ পৰা নগদ ১ লাখ ৫০ হাজাৰ টকা জব্দ কৰাৰ বিপৰীতে মাৰুতি বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ।
![DHUBRI CATTLE SIZED WITH THREE SMUGGLERS TV BHARAT NEWS ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7886077_sdfbsefbse.jpg)