ধুবুৰী,20 চেপ্তেম্বৰঃ জন্মৰ প্ৰমাণ প্ৰত্ৰৰ নামত ধুবুৰীত চলিছে ৰমৰমীয়া বেহা ৷ এই অভিযোগ আমাৰ নহয়,এটা বিশেষ ভিডিঅ'ই তোলপাৰ লগাইছে সমগ্ৰ ধুবুৰী জিলাতে ৷ হাজাৰ হাজাৰ টকাৰ ধনৰ বিনিময়ত প্ৰদান কৰা হয় জন্মৰ প্ৰমাণ প্ৰত্ৰ ৷ চৰকাৰী নিয়ম কানুন বাদ দি টকাৰ বিনিময়ত ধুবুৰীত চলি থকা এই কাহিনী পোহৰলৈ আহিছে শেহতীয়াকৈ ৷ এটা বিশেষ ভিডিঅ'ত দেখা বন্দী হৈছে চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে ধনৰ বিনিময়ত প্ৰমাণ পত্ৰ দিয়া ৷
কেমেৰাত বন্দী প্ৰমাণ পত্ৰৰ নামত টকা লোৱাৰ দৃশ্য ধুবুৰীৰ হাটশিঙিমাৰি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ৷ চিকিৎসালয়খনত কৰ্মৰত এম পি ডব্লিউ কৰ্মচাৰী ছাইফুল ফাৰুক নামৰ লোকজনে জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত প্ৰতিজন লোকৰ পৰা উৎকোচ লয় হাজাৰ হাজাৰ টকা ৷ সাংবাদিকে চলোৱা এক অভিযানত বন্দী হৈছে টকা লোৱাৰ সমগ্ৰ দৃশ্য ৷
ধুবুৰীত জন্মৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ধন সংগ্ৰহ উল্লেখ্য যে জন্মৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধুবুৰীৰ এজন সাংবাদিকৰ পৰা টকা লৈছিল উল্লেখিত এম পি ডব্লিউ কৰ্মচাৰী ছাইফুল ফাৰুকে ৷ এই সমগ্ৰ ঘটনাৰ বিষয়ে সাংবাদিকজনে লিখিত ভাৱে কৰ্মচাৰীজনৰ বিৰুদ্ধে এক গোচৰ জিলা উপায়ুক্তক জনাইছিল যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই কৰ্মচাৰী জনৰ বিৰুদ্ধে ৷ কাৰ আৰ্শীবাদত মুকলিকৈ ছাইফুল ফাৰুকে জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন ল'বলৈ সাহস পাইছে ? ৰাইজৰ সন্দেহ এই ঘটনাত উচ্চ পদস্থ বিষয়াও জড়িত হৈ আছে যাৰবাবে মুকলিকৈ ধন সংগ্ৰহ কৰিবলৈ সাহস পাইছে কৰ্মচাৰীজনে ৷ ৰাইজৰ দাবী অভিযুক্ত ছাইফুল ফাৰুকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জেৰা কৰিলে ওলাই পৰিব সমগ্ৰ ঘটনা ৷