ETV Bharat / state

অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ অভিযান

author img

By

Published : Feb 22, 2021, 4:53 PM IST

ধুবুৰীত কাঠফুলাৰ দৰে অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰ গঢ়ি উঠাৰ অভিযোগ ৷ অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে ধুবুৰী প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান ৷ সোমবাৰে ধুবুৰী চহৰৰ অমৰ ডাইগ'নষ্টিক চেন্টাৰত চলিল ধুবুৰী জিলা প্ৰশাসনৰ অভিযান ৷

অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ অভিযান
dhubri administration carried out drive against illegal pharmacy and laboratory

ধুবুৰী, 22 ফেব্ৰুৱাৰী: বিগত কিছুদিন ধৰি ধুবুৰীত জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ফাৰ্মাচী আৰু বিভিন্ন পৰীক্ষাগাৰৰ বিৰুদ্ধে অভিযান চলাই অহা দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে প্ৰশাসনে চলোৱা এই অভিযানত ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সন্মুখত এটা পৰীক্ষাগাৰসহ তিনিখনকৈ ফাৰ্মাচী চীল কৰা হৈছে ৷

ধুবুৰী চহৰৰ অমৰ ডাইগ'নষ্টিক চেন্টাৰত প্ৰশাসনৰ অভিযান

অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে চলি থকা এই অভিযানৰ অংশ হিচাপে সোমবাৰে পুনৰ প্ৰশাসনিক বিষয়াৰ এটা দলে ধুবুৰী চহৰৰ দুৰ্গা দাস ৰোডত অৱস্থিত অমৰ ডাইগ'নষ্টিক চেন্টাৰত এক অভিযান চলায় ৷

ধুবুৰীৰ জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হকৰ নেতৃত্বত প্ৰশাসনিক বিষয়াৰ দলটোৱে এই অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে মৰ ডাইগ'নেষ্টিক চেণ্টাৰৰ কম্পিউটাৰৰ চিপিইউ আদি জব্দ কৰি লৈ যায় বুলি জানিব পৰা গৈছে ৷

জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰতে বৰ্তমানেও এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ একাংশ চেন্টাৰত ৰেডিঅ'লজিষ্ট আৰু পেথ'লজিষ্ট অবিহনে এক্সৰে আৰু ছন'গ্ৰাফী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক: নগাঁৱত আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.