ETV Bharat / state

Dangerous boat journey : ধুবুৰীত নদীৰ মাজতে বিজুতি ঘটিল যাত্ৰীবাহী নাওৰ, যাত্ৰীৰ মাজত হাহাকাৰ - Medartari Boat Accident

জাহাজ আছে, কিন্তু নচলে । জাহাজ(Ship) চলোৱাৰ বাবে নাই প্ৰয়োজনীয় ইন্ধন । এতিয়াও নাৱে(Boat)ৰে মৰণত শৰণ দি যাত্ৰা কৰে ধুবুৰী(Dhubri)ৰ যাত্ৰীয়ে ।

Risky boat journey in Dhubri
ধুবুৰীত নদীৰ মাজতে বিজুতি ঘটিল যাত্ৰীবাহী নাও
author img

By

Published : Nov 23, 2021, 9:42 PM IST

ধুবুৰী, ২৩ নৱেম্বৰ: মেদাৰতাৰি(Medartari Boat Accident) ঘাটৰ আৰু নিমাতি ঘাটৰ শোকাৱহ নাও দুৰ্ঘটনা(nimati ghat boat tragedy)ৰ পাচতো শিক্ষা লোৱা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে(Inland Water Transport) । যাত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষা( Safety and security of boat passenger)ৰ বিষয়েও যেন ভাৱিবলৈ আহৰি নাই বিভাগটোৰ । সোমবাৰে ধুবুৰীত কথমপি প্ৰাণ ৰক্ষা পৰিল চাৰি শতাধিক নাও যাত্ৰীৰ । সোমবাৰে ফকিৰগঞ্জৰ পৰা প্ৰায় চাৰি শতাধিক যাত্ৰী কঢ়িয়াই নিছিল এখন যন্ত্ৰ চালিত নাৱে ।

কিন্তু হঠাতে ব্ৰহ্মপুত্ৰ(Brahmaputra) নদীৰ মাজতে যন্ত্ৰ চালিত নাওখনৰ ইঞ্জিনৰ বিজুতি(Boat Engine Problem) ঘটে । লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় নাওখনত । আতংকিত হৈ পৰে যাত্ৰীসকল । তিনি ঘণ্টা ধৰি আতংকময় পৰিস্থিতি বিৰাজ কৰে যাত্ৰীসকলৰ মাজত ।

ধুবুৰীত নদীৰ মাজতে বিজুতি ঘটিল যাত্ৰীবাহী নাওৰ, যাত্ৰীৰ মাজত হাহাকাৰ

বহু চেষ্টাৰ অন্তত অৱশেষত আন এখন সৰু নাৱেৰে যাত্ৰীসহ যন্ত্ৰ চালিত নাওখন অনা হয় ধুবুৰীৰ পাৰ ঘাটলৈ । বিগত কেইমাহমান ধৰি ৰ'পেক্স জাহাজখন ধুবুৰীৰ পৰা ফকিৰগঞ্জ(Dhubri to Fakirganj)লৈ চলাচল কৰাৰ লগতে ধুবুৰীৰ পৰা জলেশ্বৰলৈ চলাচল কৰি আছিল ৰ' ৰ' জাহাজ(Ro ro ship) খন ।

কিন্তু ৰ' পেক্স জাহাজখনৰ চলাচল বন্ধ হৈ থকাত সোমবাৰে ফকিৰগঞ্জৰ পৰা চাৰি শতাধিক যাত্ৰী এখন যন্ত্ৰ চালিত নাৱেৰে ধুবুৰীৰ পাৰঘাটলৈ যাত্ৰা কৰিছিল । যাত্ৰীৰ অভিযোগ অনুসৰি, ধুবুৰীৰ নদী পথত লেছিয়ে এতিয়া চলাইছে ৰাজত্ব। কেৱল এয়াই নহয়, যাত্ৰীসকলৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অতিৰিক্ত ভাড়া আদায় লোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

পূৰ্বেও বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে মেদাৰতাৰি ঘাটত নাও দুৰ্ঘটনা সংঘটিত হৈ শিশু, মহিলাসহ প্ৰায় ২০০ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । এতিয়া পুনৰ জাহাজকেইখনৰ চলাচল আৰম্ভ কৰি যাত্ৰীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে যাত্ৰীসকলে । কিয়নো, জাহাজৰ চলাচল বন্ধ হৈ পৰাৰ বাবে এনেদৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে দক্ষিণ পাৰৰ জনতাই ।

লগতে পঢ়ক:নাই পথ, নাই এম্বুলেঞ্চ : সাঙিত উঠাই ৰোগীক লৈ যোৱা হ'ল চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.