ETV Bharat / state

পশ্চিম বিলাসীপাৰাত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল - গৌৰাং নৈ

বিলাসীপাৰাত সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলায় বিস্তীৰ্ণ অঞ্চল ৷ বানত হাজাৰ হাজাৰ বিঘা বড়ো ধান খেতি পানীত ডুব যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ইতিমধ্যে ঘৰ দুৱাৰৰ লগতে পশু ধনৰো বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷

ETV BHARAT
পশ্চিম বিলাসীপাৰাত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : May 29, 2020, 4:18 PM IST

পশ্চিম বিলাসী, 29 মেঃ ধুবুৰীৰ পশ্চিম বিলাসীপাৰাত সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নি পানীত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হৈছে ৷ বানত বুৰ গৈছে শ শ বিঘা বড়ো ধানৰ খেতিৰ লগতে নষ্ট হৈছে বহু সা- সম্পত্তি ৷

পশ্চিম বিলাসীপাৰাত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে সোণকোষ নৈৰ বাঢ়নি পানীত পশ্চিম বিলাসীপাৰাতো সৃষ্টি হৈছে ভয়ংকৰ বান ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সোণকোষ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে পশ্চিম বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল ৷ ফলত শ শ বিঘা বড়োধান খেতিৰ লগতে বিঘাই -বিঘাই শাক পাচলিৰ খেতি নষ্ট হৈছে ৷ তাৰোপৰি, বানত বহু সা- সম্পত্তি নষ্ট হোৱাৰ উপৰিও পুখুৰী মাছ বানত সোতত উটি যায় ৷ ইফালে পথ বিলাকতো একাঠু একাঠু পানী হোৱাত স্তব্ধ হৈ পৰে যাতায়াত সেৱা ৷ তাৰোপৰি বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঙালীপাৰা, ফলিমাৰী, মিৰাৰকুটি, টুলুপাৰা মাছপাৰা আদি গাঁও বোৰৰ কৃষি পথাৰ সমুহো বানত ডুব গৈছে । মুৰৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ভাঙি বছৰটোৰ অন্ন মুঠিৰ বাবে কৃষক সকলে কৰা ইৰি ধান খেতি এতিয়া নৈ খনৰ বাঢ়নি পানীয়ে ধ্বংস কৰাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে | এই ভয়ংকৰ বানত ধান খেতিবোৰ নষ্ট হোৱাত কৃষক সকলে কেমেৰাৰ সম্মুখতে হাহাকাৰ কৰি চকুলো টুকিছে | ইতিমধ্যে বানত বিঘাই বিঘাই ধান খেতিৰ লগতে পাচলিৰ খেতি নষ্ট হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোক সকলৰ ৷ অৱশেষত উপায়ন্তৰ হৈ বানাক্ৰান্ত কৃষক সকলে আৰ্থিক সাহাৰ্য দিবলৈ বিভাগীয় মন্ত্ৰী তথা চৰকাৰক আহ্বান জনাইছে কৃষক সকলে ৷

লগতে পঢ়ক- অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.