ETV Bharat / state

দক্ষিণ শালমাৰাত বানৰ সংহাৰী ৰূপ

author img

By

Published : Jul 14, 2020, 10:23 AM IST

দক্ষিণ শালমাৰাত প্লাবিত শতাধিক গাঁও। বুৰ গৈছে বাট পথ ,বানত ভাগিছে অঞ্চলটোৰ একমাত্ৰ কাঠৰ দলং। ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

dakshin-salmara-flood-situation-critical-condition
দক্ষিণ শালমাৰাত বানৰ সংহাৰী ৰূপ

ধুবুৰী,14জুলাইঃ দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ঠায়ে-ঠায়ে ৰাস্তা ঘাট মথাউৰীয়ে অতি বিপদজনক ৰূপ ধাৰণ কৰাৰ লগতে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে । ইপিনে বিভাগীয় কৰ্তৃপক্ষই কোনো আগতীয়া পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত দলং, মথাউৰী, ৰাস্তা বানপানীৰ সোঁতত উতি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। চৰকাৰ প্ৰশাসনৰ অবেহেলাৰ ফলত যদি ৰাস্তা, মথাউৰী, দলংবোৰ ভাঙি যায় ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিপদৰ সম্মুখীন হ'ব সেয়া প্ৰায় নিশ্চিত।

দক্ষিণ শালমাৰাত বানৰ সংহাৰী ৰূপ

ইপিনে দক্ষিণ শালমাৰ মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীকে ধৰি স্থানীয় ৰাইজে ফকিৰগঞ্জৰ এখন বিপদসংকুল দলঙৰ পৰিস্থিতি দেখি প্ৰধানীয়ে কয় যে, চৰকাৰ জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো আগতীয়া পদক্ষেপ লোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ বাবে বৃহৎ অঞ্চলটোৰ ৰাইজে আজি যাতায়ত-যোগাযোগ আদি সকলো ক্ষেত্ৰতে ভয়ংকৰ বিপদৰ সম্মুখীন হ‘ব লগা হৈছে । চৰকাৰ তথা প্ৰশাসনে দক্ষিণ শালমাৰাৰ যিবোৰ ঠাইত ৰাস্তা, মথাউৰী, দলং আদি বিপদজনক অৱস্থাত আছে অতি সোণকালে ৰাইজৰ সুবিধাৰ্থে জৰুৰীকালীন যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদ শৰিফুল ইছলাম প্ৰধানীয়ে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে । উল্লেখযোগ্য যে, অঞ্চলটোৰ একমাত্ৰ কাঠৰ দলং খন ভাঙি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

লগতে পঢ়কঃ ৰাজ্যত বানত মৃত্যু 50 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.