ETV Bharat / state

চিআৰপিএফৰ চিভিক এক্সন কাৰ্যসূচীঃ ধুবুৰীত বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণ - চিভিক এক্সন কাৰ্যসূচী

চিভিক এক্সন কাৰ্যসূচীৰ জৰিয়তে ধুবুৰীৰ বিদ্যালয়সমূহৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰয়াস কৰিছে চিআৰপিএফে । এই কাৰ্যসূচীৰ অধীনত ধুবুৰী চহৰৰ জৱাহৰ উচ্চ হিন্দী বিদ্যালয়ত নিৰ্মাণ কৰা হৈছে এটা শৌচাগাৰ । শুকুৰবাৰে শৌচাগাৰ উদ্বোধন কৰে চিআৰপিএফৰ উপ-কমাণ্ডেন্ট নীৰ সিঙে ।

চি আৰ পি এফৰ চিভিক এক্সন কাৰ্যসূচীৰ অধীনত ধুবুৰীত বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণ

author img

By

Published : Mar 12, 2021, 5:47 PM IST

ধুবুৰী, ১২ মাৰ্চ: ধুবুৰী জিলাত চিআৰপিএফে শেহতীয়াকৈ বিভিন্ন উন্নয়নমূলক কাম সম্পন্ন কৰিছে । বিশেষকৈ চিভিক এক্সন কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়সমূহৰ কেতবোৰ সমস্যা সমাধান কৰাৰ লক্ষ্য স্থিৰ কৰিছে জোৱানসকলে । এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী চহৰৰ জৱাহৰ উচ্চ হিন্দী বিদ্যালয়ত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল । শুকুৰবাৰে শৌচাগাৰ উদ্বোধন কৰে ৪৮ নং চিআৰপিএফৰ উপ-কমাণ্ডেন্ট নীৰ সিঙে ।

চি আৰ পি এফৰ চিভিক এক্সন কাৰ্যসূচীৰ অধীনত ধুবুৰীত বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণ
চি আৰ পি এফৰ চিভিক এক্সন কাৰ্যসূচীৰ অধীনত ধুবুৰীত বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণ

এই উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে, বিভিন্ন বিদ্যালয়ৰ সৰু সৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই চিভিক এক্সন কাৰ্যসূচী আৰম্ভ কৰিছে চিআৰপিএফে । খেলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ এ এম কো ৰোডৰ হাজাৰী গাঁৱত ভলীবল খেলুৱৈসকলৰ বাবে ভলীবলৰ এখন স্থায়ী খেলপথাৰ নিৰ্মাণ কৰিছে চিআৰপিএফে । চিভিক এক্সন কাৰ্যসূচীৰ অধীনত বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুনকৈ খেলপথাৰ নিৰ্মাণ কৰা হৈছে ।

অনাগত দিনত ধুবুৰী জিলাৰ গাঁওসমূহত থকা বিদ্যালয়ৰ সমস্যা সমাধান কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা কৰাৰ বাবে বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ কৰিব বুলি উপ-কমাণ্ডেন্টগৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে, জৱাহৰ উচ্চ হিন্দী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচাগাৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চিআৰপিএফ বাহিনীক বিদ্যালয় পৰিচালনা সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:সঞ্জয় কিষাণৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.