ETV Bharat / state

ক’ভিড-19 আতংক : আৰক্ষীয়ে বন্ধ কৰিলে গৌৰীপুৰ বজাৰ - উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা

ধুবুৰীতো মহামাৰী কৰ’ণাৰ তীব্ৰ আতংক । এনে সময়তে লোকে লোকাৰণ্য গৌৰীপুৰৰ বজাৰ এতিয়া জনশূন্য । আৰক্ষীয়ে বজাৰ বন্ধ কৰি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

Critical condition in Gauripur Market
গৌৰীপুৰ বজাৰ বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ
author img

By

Published : Jul 24, 2020, 1:54 PM IST

ধুবুৰী, 24 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ গৌৰীপুৰত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । প্ৰতি মুহূৰ্ততে ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে গৌৰীপুৰত । ইয়াৰ ফলত উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন ।

ইফালে, বৃহস্পতিবাৰে গৌৰীপুৰ পৌৰসভাৰ অন্তৰ্গত 2 আৰু 3 নম্বৰ ৱাৰ্ড 14 দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ পাচতে শুকুৰবাৰে পুৱাৰ ভাগত গৌৰীপুৰ বজাৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

গৌৰীপুৰ বজাৰ বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ

বজাৰখনত আৰক্ষীয়ে মাইকযোগে সকলো দোকান-পোহাৰ বন্ধ কৰিবলৈ জৰুৰী বাৰ্তা ঘোষণা কৰে । জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীয়ে বজাৰৰ দোকান-পোহাৰ বন্ধ কৰি সকলোকে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, ৰেণ্ডম শ্বাৱ টেষ্ট আৰম্ভ কৰাৰ পাচতে প্ৰতি মুহূৰ্ততে গৌৰীপুৰত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে গণ সংক্ৰমণৰ এক ভয়াৱহ দিশ পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : কামপুৰত সাংবাদিকক আক্ৰমণ চোৰাং বালি-কাঠ ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.