ধুবুৰী,23 এপ্ৰিল: মহামাৰী ক’ৰণাক প্ৰতিৰোধ কৰিবলৈ সকলো ৰাইজক ক’ভিড প্ৰট’কল অৰ্থাৎ ক’ভিড বিধি মানি চলিবলৈ অসম চৰকাৰৰ লগতে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাই অহা দেখা গৈছে । তেনে সময়তে স্বয়ং স্বাস্থ্য বিভাগতে সম্পূৰ্ণৰূপে উলংঘন হৈছে ক’ভিড বিধি ।
ধুবুৰী জিলা যুটীয়া স্বাস্থ্য আৰু সঞ্চালকৰ কাৰ্যালয় চৌহদত অৱস্থিত ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰৰ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত ৰাইজৰ ব্যাপক সমাগম । ক’ৰণাক প্ৰতিৰোধ কৰাৰ বাবে যেন ওলাই আহিছে সকলো । কিন্তু স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ ভিৰে ধুবুৰীত এক ভয়াৱহতাৰ বাৰ্তাহে দিয়াৰ পৰিলক্ষিত হৈছে, কিয়নো ভেকচিন গ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাই ৷
উল্লেখযোগ্য যে, পূৱাৰ পৰা ৰাইজে ঠিকেই শাৰী পাতে; কিন্তু প্ৰতিদিনে মাত্ৰ এশজনকহে ভেকচিন দিব স্বাস্থ্য বিভাগে । অৰ্থাৎ ভেকচিনৰ অভাৱ হৈছে ধুবুৰীত । ইপিনে ক’ৰণাক লৈ আতংকিত ৰাইজে ভেকচিন লবলৈ অহাj সময়ত মানি চলা নাই ক’ভিড বিধি । সমান্তৰালকৈ স্বাস্থ্য বিভাগেও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ।
লগতে পঢ়কঃ জম্মুৰ চিকিৎসায়লৰ বিচনাত দিন কটাইছে কাৰ্বি আংলঙৰ যোচেফে: উভতি আহিবলৈও হাতত নাই ধন