বিলাসীপাৰা, 28 ছেপ্তেম্বৰ: সোমবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত কৰ’ণা মহামাৰীৰ বিৰুদ্ধে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’কল ভংগ কৰা পৰিলক্ষিত হৈছে ৷ চাপৰ চাহ বাগিচাৰ বীৰছা মুণ্ডা ষ্টেডিয়ামৰ দুৱাৰ মুকলি সভাত একত্ৰিত হয় সহস্ৰাধিক লোক ৷ মাস্ক ব্যৱহাৰ নকৰাকৈ আৰু সামাজিক দূৰত্ব নমনাকৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত উপস্থিত হৈছে লোকসকল ৷ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
আনহাতে, একমাত্ৰ বিৰোধী দলসমূহৰ বাবেহে ক’ভিড প্ৰট’কল প্ৰযোজ্য নেকি ? বিজেপি দলৰ সভাত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ নহয় নেকি ? এনেধৰণৰ বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত ৷
লগতে পঢ়ক: বিজয়নগৰত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ