বিলাসীপাৰা, 27এপ্ৰিল : দেশৰ লগতে সমগ্ৰ অসমত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ধুবুৰী জিলাতো দিনক দিনে বাঢ়িছে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে জিলাখনত ডেৰশৰো অধিক লোক আক্ৰান্ত হৈছে ৷ ঠিক তেনে সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰাত দেখা গৈছে ভয়ানক দৃশ্য ৷ বিলাসীপাৰাৰ অৰ্ধ সাপ্তাহিক বজাৰৰ লগতে বেংক প্ৰতিষ্ঠানত নাই কোনো সামাজিক দুৰত্ব ৷ বজাৰ আৰু বেংকৰ গ্ৰাহকসকলে সঠিকভাৱে পৰিধান কৰা নাই মাস্ক ৷
সৰ্বসাধাৰণ ৰাইজ ক’ভিড-19 ক লৈ সজাগ নোহোৱাত বিলাসীপাৰাৰ সচেতন ৰাইজে ধুবুৰীৰ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক : আগৰতলাৰ জনবহুল বজাৰসমূহ মুকলি স্থানলৈ স্থানান্তৰ কৰা হ'ব