ETV Bharat / state

গণ সংক্ৰমণৰ দিশে পূৱ বিলাসীপাৰা - East Bilasipara

পূৱ বিলাসীপাৰাৰ চাপৰত সোমবাৰে পুনৰ 12 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷ ইয়াৰে দুগৰাকী চিকিৎসক, 6 গৰাকী স্বাস্থ্য কৰ্মী আৰু 4 গৰাকী ডাটা এণ্ট্ৰি অ’পাৰেটৰ বুলি জানিব পৰা গৈছে ৷

গণ সংক্ৰমণৰ দিশে পূৱ বিলাসীপাৰা
গণ সংক্ৰমণৰ দিশে পূৱ বিলাসীপাৰা
author img

By

Published : Jul 6, 2020, 8:45 PM IST

পূৱ বিলাসীপাৰা, 6 জুলাই : সম্প্ৰতি ভয়ংকৰ গণ সংক্ৰমণৰ দিশে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰ । জিলাখনৰ সৰ্ববৃহৎ কোৱাৰেণ্টাইন চেণ্টাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । এসপ্তাহত চিকিৎসকসহ 20 গৰাকীকৈ স্বাস্থ্য কৰ্মী কৰ’ণাত আক্ৰান্ত হোৱাত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

সোমবাৰৰ দিনটোত চাপৰত পুনৰ 12 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি । ইয়াৰে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি আৰু পুঠিমাৰী স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী চিকিৎসক ক্ৰমে- ডাঃ আকিবৰ ৰহমান আৰু ডাঃ দীপালক চৌধুৰী, 6 গৰাকী স্বাস্থ্য কৰ্মী ক্ৰমে- সাহাজাহান সেখ, মধুসুধন ৰায়, বিজিত শৰ্মা, কমল শৰ্মা, নেকিবুৰ জামান আৰু দিলীপ শৰ্মা, 4 গৰাকী ডাটা এণ্ট্ৰি অ’পাৰেটৰ ক্ৰমে- সমীৰ সূত্ৰধৰ, ৰূপম কুমাৰ পাল, সুমন মালাকাৰ আৰু প্ৰনৱ শৰ্মাৰ কৰ’ণা পজিটিভ হোৱা বুলি নিশ্চিত হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

গণ সংক্ৰমণৰ দিশে পূৱ বিলাসীপাৰা

উল্লেখ্য যে, চাৰিওগৰাকী ডাটা এণ্ট্ৰি অ’পাৰেটৰে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ আৱাসগৃহত থকাৰ বিপৰীতে বাকী কেইগৰাকী আক্ৰান্ত ব্যক্তি চাপৰৰ ৰঙামাটিস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্মৰত আছিল । লগতে, তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল অন্য কেইগৰাকীমান স্বাস্থ্য কৰ্মী আৰু সাধাৰণ ৰাইজ ৷

আনহাতে, চাপৰৰ সাপ্তাহিক বজাৰতো এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে । সামাজিক দূৰত্ব বৰ্তাই নৰখা আৰু মাস্ক পৰিধান নকৰা একাংশ ৰাইজৰ ওপৰত অভিযান চলাই জৰিমনা বিহিছে ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাসে ৷

লগতে পঢ়ক : ভুঁই ৰুই থকা অৱস্থাতে বজ্ৰপাতত আহত মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.