ETV Bharat / state

ধুবুৰীত ক’ৰণাত আক্ৰান্ত ৪২ গৰাকী লোক - কৰ’ণা প্ৰৰ্টকল

ধুবুৰী জিলাত ক’ৰণা আক্ৰান্তৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি হয় ৷ ধুবুৰীৰ প্ৰতিগৰাকী লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰখাৰ উপৰিও ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি জিলা উপায়ুক্তৰ ।

ধুবুৰী জিলাত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি

author img

By

Published : Apr 20, 2021, 6:53 AM IST

ধুবুৰী, 20 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো উদ্বেগজনকভাৱে ক’ৰণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত একপ্ৰকাৰ আতংক বিৰাজ কৰিছে জিলাখনত । সোমবাৰে ধুবুৰীত পুনৰ 6 গৰাকীকৈ লোকৰ দেহত ক’ৰণাৰ উপস্থিতি ধৰা পৰে ৷ পৰৱৰ্তী সময়ত জিলাখনত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 42 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে ধুবুৰীত এগৰাকী বয়োজ্যেষ্ঠৰ ক’ৰণাৰ ৰোগীৰ মৃত্যু হয় ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণা প্ৰতিৰোধ কৰিবলৈ ল’বলগীয়া সকলো যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুযায়ী, ধুবুৰীৰ প্ৰতিগৰাকী লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰখাৰ উপৰিও ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱাৰ ক্ষেত্ৰত ধুবুৰী জিলা উপায়ুক্তই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কৰ’ণা প্ৰট’কল মানি নচলাসকলৰ ক্ষেত্ৰত 1000 টকা জৰিমনা বিহা হ’ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হয় ।

লগত পঢ়ক : ধিঙত নতুনকৈ 10 জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.