ETV Bharat / state

দৈ,পিঠা,টকা নিদিলে কাম নকৰে ধুবুৰীৰ মণ্ডলে !

author img

By

Published : Dec 4, 2020, 4:32 PM IST

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ মাটি নামজাৰি কৰাৰ নামত টকা উৎকোচ লোৱাৰ লগতে বিভিন্ন সামগ্ৰী বিচৰাৰ অভিযোগ ভুক্তভোগী মহিলাৰ ৷

Corruption allegations in Dhubri Circle Office
দৈ,পিঠা,টকা নিদিলে কাম নকৰে ধুবুৰীৰ মণ্ডলে

ধুবুৰী, 3 ডিচেম্বৰ : ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ মাটি নামজাৰি কৰাৰ নামত টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি, একাংশ মণ্ডলৰ বিৰুদ্ধে কুকুৰা, দৈ, পিঠা আদিও উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ তুলিছে বিগত 5 বছৰে স্বামীৰ মাটি নিজৰ নামত নামজাৰি কৰিব বিচৰা এগৰাকী ভুক্তভোগী মহিলাই ৷

Corruption allegations in Dhubri Circle Office
উৎকোচ বিচৰা মণ্ডল গৰাকী

অভিযোগ অনুসৰি, ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাঝেৰচৰ অঞ্চলৰ 9 নং ৰিভাৰ ব্লকৰ প্ৰয়াত নুৰ বক্স শেখৰ পত্নী জহুৰা বেওৱাই স্বামীৰ নামৰ মাটি নিজৰ নামত নামজাৰী কৰাৰ বাবে বিগত পাঁচ বছৰ ধৰি ঘূৰি ফুৰিছে খালেক নামৰ এগৰাকী মণ্ডলৰ পিছে পিছে । মাটি নামজাৰি কৰাৰ নামত মণ্ডল গৰাকীয়ে প্ৰথমে মাটি বন্ধকত থৈ 40 হাজাৰ টকা উৎকোচ লৈ বুলিও সংবাদ মাধ্যমৰ আগত অবগত কৰে ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীৰ পৰা মণ্ডল গৰাকীয়ে পুনৰ সময়ে সময়ে টকা আৰু বিভিন্ন সামগ্ৰী বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

অভিযোগ উত্থাপন কৰা মহিলা

আনহাতে, এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাসক সমগ্ৰ ঘটনা অবগত কৰাৰ পিচত বিষয়া গৰাকীয়ে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

মহিলা গৰাকীৰ মাটিৰ নথি পত্ৰ

উল্লেখ্য যে, ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটি নামজাৰী আৰু কিনা-বেচা আদিকে ধৰি বিভিন্ন কামৰ নামত লাট মণ্ডল আৰু দালাল শ্ৰেণীয়ে পূৰ্বৰ পৰাই লুণ্ঠনৰাজ চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক : পাঁচদিনীয়া ভ্ৰমণসূচীৰে 5 ডিচেম্বৰত অসমলৈ জীতেন্দ্ৰ সিং

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.