পূৱ বিলাসীপাৰা, 21 অক্টোবৰ : পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডত দুটা ফৈদৰ মাজত মতানৈক্য ৷ পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়াই একছত্ৰী ৰাজত্ব চলোৱাৰ অভিযোগ একাংশ পঞ্চায়ত সদস্যৰ ৷ খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰীয়ে কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰা হৈছে ।
একাংশ সংবাদ মাধ্যমত এই সম্প্ৰচাৰিত হোৱাৰ পিচত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ আঞ্চলিক পঞ্চায়ত সদস্যই । চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ এইসকল আঞ্চলিক পঞ্চায়তৰ সদস্যই প্ৰকাশ কৰা মতে খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে অনা বিভিন্ন অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত ।
এতিয়া প্ৰশ্ন হয় একেটা উন্নয়ন খণ্ডত আঞ্চলিক পঞ্চায়তৰ এটা ফৈদে অভিযোগ তুলিছে যে খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰী লিপ্ত বিভিন্ন অনিয়ম আৰু অৰাজকতাত ৷ কিন্তু আন এটা ফৈদৰ মতে চৰকাৰী বিষয়া গৰাকী কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত নহয় ,ষড়যন্ত্ৰৰ হে বলি হৈছে । এতিয়া কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ৷
লগতে পঢ়ক : মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ