গুৱাহাটী, ধুবুৰী, 26 নৱেম্বৰ: মঙলবাৰে সমগ্ৰ দেশতে পালন কৰা হয় ‘সংবিধান দিৱস’ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ধুবুৰী আইন মহাবিদ্যালয়তো পালন কৰা হয় সংবিধান দিৱস ৷ এই বিশেষ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা তথা আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈকে প্ৰমুখ্য কৰি বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল। আয়োজিত অনুষ্ঠানত বিশেষ দিনটোৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষভাৱে সোঁৱৰণ কৰা হয় সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰক । এই অনুষ্ঠানতেই ছাত্ৰ-ছাত্ৰীৰ সৈতে আইন প্ৰসংগতো মত বিনিময় কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ধুবুৰী আইন মহাবিদ্যালয়তো পালন কৰা হয় সংবিধান দিৱস। সংবিধান দিৱস উপলক্ষে ধুবুৰী আইন মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মৃদুলা বৰ্মণৰ সভাপতিত্বত সহকাৰী অধ্যাপিকা আৰু কেইজনমান বিশিষ্ট সাংবাদিকৰ উপস্থিতিত আম্বেদকাৰৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰাৰ লগতে সংবিধানৰ এখনি প্ৰস্তাৱনা উন্মোচন কৰে ৷
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মৃদুলা বৰ্মণৰ লগতে কেইবাগৰাকী অধ্যাপিকা আৰু সাংবাদিকে সংবিধান আৰু সাংবাদিকৰ ভূমিকাৰ ওপৰত বিভিন্ন দিশ সামৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।
সভাৰ অন্তত সাংবাদিকৰ আগত ভাৰতৰ সংবিধান সকলোকে মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ধৰ্মক ইচ্ছু নকৰি আনৰ ধৰ্মক সন্মান দিয়াটো উচিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অধ্যক্ষাগৰাকীয়ে। উল্লেখ্য যে,1949 চনৰ 26 নৱেম্বৰতেই প্ৰণয়ন হৈছিল ভাৰতৰ সংবিধান ৷