পশ্চিম বিলাসীপাৰা, 8 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে কংগ্ৰেছ দলৰেই তৃণমূল পৰ্যায়ৰ কৰ্মী সকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ এক কথাত ক'বলৈ গ'লে কংগ্ৰেছ আৰু এআইডিইউএফৰ মহাজোঁটে পূৱ বিলাসীপাৰা সমষ্টিত মহাজঁটৰহে সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি 27 নং পূৱ বিলাসীপাৰা সমষ্টিত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ জয়ৰ প্ৰৱল সম্ভাৱনা থকাৰ পাছতো দলৰ শীৰ্ষ নেতৃত্বই সমষ্টিতো এআইডিইউএফৰ বাবে এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকল ক্ষোভিত হৈ পৰিছে ৷
ক্ষোভিত কংগ্ৰেছ কৰ্মী সকলে সোমবাৰে দলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজীৱ ভৱন লণ্ড-ভণ্ড কৰাৰ লগতে পথৰ ওপৰত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ পূৱ বিলাসীপাৰা সমষ্টি কংগ্ৰেছক এৰি নিদিলে আত্মহত্যাৰ ভাবুকি দি সোমবাৰে সমষ্টিটোৰ চিৰাকুটা বজাৰত শতাধিক কংগ্ৰেছীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ 'এআইইউডিএফ মুৰ্দাবাদ', 'কংগ্ৰেছৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ দালালি নচলিব', 'ওৱাজেদ আলী চৌধুৰী মুৰ্দাবাদ', 'পূৱ সমষ্টি কংগ্ৰেছক লাগিব' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিদিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক: পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ