বিলাসীপাৰা,২১ মাৰ্চ: এতিয়া ৰাজ্যত বিধানসভা নিৰ্বাচনক লৈ তুংগত উঠিছে প্ৰচাৰ অভিযান । সমান্তৰালভাৱে দলত্যাগৰ জোৱাৰ উঠিছে ৰাজনৈতিক নেতাসকলৰ মাজত । প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ সমষ্টিত শক্তি প্ৰদৰ্শনত নামিছে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিলাসীপাৰা সমষ্টিতো বলিছে নিৰ্বাচনী ধুমুহা । সমষ্টিটোৰ কামাৰডিহি গাঁৱৰ প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । এই যোগদান অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী অশোক কুমাৰ সিংঘী আৰু বিজেপিৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল ।
লগতে পঢ়ক : বিজেপিৰ বুথ পৰ্যায়ৰ প্ৰচাৰ সভাত অথন্তৰ