ধুবুৰী,10 অক্টোবৰ: কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শনিবাৰে চাপৰ-শালকোচা ব্লক কংগ্ৰেছ কমিটিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ।

উক্ত ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীৰ লগতে শ শ কৃষকে ।
প্ৰতিবাদকাৰীসকলে কান্ধত নাঙল লৈ প্ৰতিবাদ কৰি শীঘ্ৰেই চৰকাৰক কৃষক বিৰোধী আইনখন বাতিল কৰিবলৈ আহ্বান জনায় । ইয়াৰোপৰি SI কাণ্ডৰ তদন্তত চিবিআইৰ হস্তক্ষেপৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: গোলাঘাটত হাতী-মানুহৰ সংঘাত