ধুবুৰী, 18 আগষ্টঃ মানকাচাৰত এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলত ব্যাপক খহনীয়া । শনিবাৰে নিশা মানকাচৰৰ 2 নং কালাপানী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বেঙেৰভিটা গাঁও পঞ্চায়তৰ আকবৰ আলীৰ বাসগৃহত অগপ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।
উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ পৰা প্ৰায় তিনি শতাধিক কৰ্মীয়ে জাবেদ ইছলামৰ নেতৃত্বত অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।