ETV Bharat / state

সমৰ্থক অবিহনে অসাৰ প্ৰতিপন্ন হ'ব নেকি কংগ্ৰেছ আৰু AIUDF ?

এইবেলি কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হ'লে দুয়োটা মিত্ৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে। আনহাতে, পূৰ্বৰ নিৰ্বাচনৰ পৰিসংখ্যা অনুসৰি বৰ্তমান এ আই ইউ ডি এফৰ দখলত গৌৰীপুৰ সমষ্টি ৷

Congress and AIUDF alliance
সমৰ্থনকাৰী অবিহনে অসাৰ প্ৰতিপন্ন হ'ব নেকি কংগ্ৰেছ আৰু AIUDF ?
author img

By

Published : Aug 24, 2020, 9:50 PM IST

ধুবুৰী, 24 আগষ্টঃ শাসনাধিষ্ঠিত দলক প্ৰতিহত কৰাৰ উদ্দেশ্যে মিত্ৰজোটত বান্ধ খাব নেকি কংগ্ৰেছ আৰু AIUDF দল ? ইতিমধ্যে চূড়ান্ত পৰ্যায় পাইছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাই ৷ বাৰে বাৰে বৈঠকত মিলিত হৈছে দলীয় হাই কামাণ্ড ৷ আসন বুজাবুজিৰ আলোচনাত ব্যস্ত প্ৰাৰ্থী ৷ কিন্তু এই মিত্ৰতাই কি প্ৰভাৱ পেলাৱ ধুবুৰী জিলাত ?

২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী। নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছে প্ৰস্তাৱিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই । সমান্তৰালকৈ এই মিত্ৰতাক লৈ যথেষ্ট সুখী নহয় সমষ্টিবাসী ৷ 2016 ৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ মুঠ 7 টাকৈ বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে গোলকগঞ্জ আৰু বিলাসীপাৰা পূৱ বিধানসভা সমষ্টি দখল কৰাৰ বিপৰীতে এ আই ইউ ডি এফে ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম আৰু কংগ্ৰেছে দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল । সেই অনুযায়ী আশা কৰা হৈছে যে, এইবেলি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰ দলৰ দখললৈ আহিব পাৰে মুঠ পাঁচ খন আসন । কিন্তু এই দলীয় মিত্ৰতাক লৈ কিমান সুখী দুই দলৰ সমৰ্থনকাৰী ?

সমৰ্থনকাৰী অবিহনে অসাৰ প্ৰতিপন্ন হ'ব নেকি কংগ্ৰেছ আৰু AIUDF ?

লগতে পঢ়কঃ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ

2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মুঠ ভোটৰৰ সংখ্যা আছিল ৭৩, ৪৫৯ গৰাকী । অৰ্থাৎ বিজেপিতকৈ ৩৯,৮১১ টা ভোট বেছি পাবলৈ সক্ষম হৈছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে । 2016 চনৰ নিৰ্বাচনত গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ এ আই ইউ ডি এফ দলৰ মুঠ ভোটৰ সংখ্যা আছিল ৮৫, ০৯৬ টা । অৰ্থাৎ বিজেপিতকৈ ৮৪৫২ টা ভোট সৰহকৈ পাবলৈ সক্ষম হৈছিল দুই দলে । ইপিনে পূৰ্বৰ নিৰ্বাচনৰ পৰিসংখ্যা অনুসৰি দক্ষিণ শালমাৰা সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত। ঠিক তেনেদৰে 2016 ৰ নিৰ্বাচনত মানকাছাৰত কংগ্ৰেছ-এআইইউডিএফৰ দলে মুঠ ১,০৪,০৪৯ টা ভোট পাবলৈ সক্ষম হয় । যদিও সমষ্টিটোৰ অগপ আৰু বিজেপিৰ মিত্ৰ দলৰো আছিল বৃহৎ সংখ্যক ভোট । গতিকে এইবেলি কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হ'লে দুয়োটা মিত্ৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে। আনহাতে, পূৰ্বৰ নিৰ্বাচনৰ পৰিসংখ্যা অনুসৰি বৰ্তমান এ আই ইউ ডি এফৰ দখলত গৌৰীপুৰ সমষ্টি ৷

কিন্তু এইবেলি সমৰ্থকাৰী অবিহনে সম্ভৱপৰ নে এই মিত্ৰতা ? এইবেলি মিত্ৰতাৰ পিছত আসন বুজাবুজিৰ ক্ষেত্ৰত দল দুটাই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে চৰ্চা চলিছে ৰাজনৈতিক মহলত । আনহাতে, মিত্ৰতা সম্পন্ন হোৱাৰ পিছত দল দুটাৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীয়েও কি ভূমিকা গ্ৰহণ কৰে সেয়াও এক লক্ষণীয় বিষয় ৷ সমৰ্থনকাৰী অবিহনে দুই দলৰ সকলো কুচকাৱাজ অসাৰ প্ৰতিপন্ন হোৱাৰ সম্ভৱনা যথেষ্ট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.