ETV Bharat / state

ধুবুৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সম্বৰ্ধনা

author img

By

Published : Nov 3, 2020, 3:48 PM IST

ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সাহসী মহিলা মঞ্চৰ তৰফৰ পৰা প্ৰদান কৰা হয় সম্বৰ্ধনা ৷ ক'ভিড যোদ্ধা হিচাপে বঁটা প্ৰদান কৰা হয় আৰক্ষী অধীক্ষক গৰাকীলৈ ৷

Congratulations to Superintendent of Police Anand Mishra in Dhubri
ধুবুৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সম্বৰ্ধনা

ধুবুৰী,3নৱেম্বৰ: মংগলবাৰে সাহসী মহিলা মঞ্চৰ তৰফৰ পৰা ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সম্বৰ্ধনা জনোৱা হয় ৷ ক'ভিড যোদ্ধা হিচাপে বঁটা প্ৰদান কৰা হয় আৰক্ষী অধীক্ষক গৰাকীলৈ । ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সাহসী মহিলা মঞ্চৰ প্ৰতিনিধি দলে এখন সভাৰ আয়োজন কৰি প্ৰদান কৰে এই বঁটা ।

উল্লেখ্য যে, চৰাইদেও জিলা আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অৱস্থাত থকাৰ সময়ত ক'ভিড যোদ্ধা হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল আৰক্ষী অধীক্ষক মিশ্ৰই । ক'ভিড মহামাৰীৰ সময়ত চৰাইদেউৰ পৰা ধুবুৰী লৈ বদলি হোৱা জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ধুবুৰী জিলা খনত এগৰাকী ক'ভিড যোদ্ধা হিচাপে নিষ্ঠাৰে কাম কৰিছিল । এনে সময়তে সাহসী মহিলা মঞ্চৰ সভানেত্ৰী কৃষ্ণা নাথৰ নেতৃত্বত এটি প্ৰতিনিধি দলে জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ ফুলাম গামোচা, শৰাই আৰু জাপিৰ লগতে গঁড়ৰ প্ৰতীক চিহ্নৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও এখন মান পত্ৰও প্ৰদান কৰে ৷

ইপিনে, ক'ভিড যোদ্ধা হিচাপে সম্বৰ্ধনা আৰু বঁটা লাভ কৰাৰ পাচতেই এয়া কেৱল এগৰাকী আৰক্ষী অধীক্ষকৰ অকলসৰীয়া প্ৰচেষ্টা হিচাপে নহয়, সকলো আৰক্ষীৰে এই যুদ্ধত অৱদান আছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.