ETV Bharat / state

চাপৰত বনকৰ্মীৰ বিৰুদ্ধে কাঠৰ কুণ্ডা চুৰিৰ অভিযোগ

author img

By

Published : Sep 10, 2019, 8:31 PM IST

ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী ৰাখালঠাকুৰ বন শিবিৰৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চেগুন কাঠ চুৰিৰ অভিযোগ ৷ নিশা কাঠৰ কুণ্ডা চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে জব্দ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

চাপৰত বনকৰ্মীৰ বিৰুদ্ধে কাঠৰ কুণ্ডা চুৰিৰ অভিযোগ

পূৱ বিলাসীপাৰা,10 চেপ্তেম্বৰঃ ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী ৰাখালঠাকুৰ বন শিবিৰৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চেগুন কাঠ চুৰিৰ অভিযোগ। সোমবাৰে শিবিৰটোৰ অধীনত থকা বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা নিশা চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে জব্দ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি,কেইদিনমান পূৰ্বে অহা ধুমুহাত বনাঞ্চল খনৰ বহু মূল্যৱান চেগুন গছ ভাঙি পৰিছিল ৷ কিন্তু এই ভাঙি পৰা গছ সমূহ ৰক্ষণাবেক্ষণাৰ পৰিৱৰ্তে বনাঞ্চল খনৰ দায়িত্বত থকা একাংশ বনকৰ্মীয়ে চোৰাং ভাৱে বিক্ৰী কৰাৰ চেষ্টা কৰিছিল ৷ এই ক্ষেত্ৰত ৰাখালঠাকুৰ বন শিবিৰৰ আবুল কালাম নামৰ বনৰক্ষী গৰাকীৰ নেতৃত্বতে এই চেষ্টা চলিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে স্থানীয় ৰাইজৰ এনে অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে বনকৰ্মী আবুল কালামে ৷

Intro:চাপৰত ৰক্ষকেই ভক্ষকBody:পূৱ বিলাসীপাৰা, ১০ ছেপ্টেম্বৰ:

ধুবুৰী-বঙাইগাওঁ সীমান্তবৰ্তী ৰাখালঠাকুৰ বন শিবিৰৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চেগুন কাঠ চুৰিৰ অভিযোগ। সোমবাৰে শিবিৰটোৰ অধীনত থকা বৃহৎ পৰিমানৰ চেগুনৰ কুণ্ডা নিশা চুৰি কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে জব্দ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

বন সুৰক্ষাৰ দায়িত্বত থকা বন কৰ্মীয়ে চোৰাং ভাৱে মূল্যবান কাঠ বিক্ৰী কৰাৰ অভিযোগত মংগলবাৰে উত্তপ্ত হৈ পৰে বঙাইগাঁও জিলাৰ ঢোৰবাৰী অঞ্চল। বঙাইগাঁও জিলাৰ আইভেলী সংমণ্ডলৰ অধীনস্থ ৰাখাল ঠাকুৰ সংৰক্ষিত বনাঞ্চলৰ কাঠ চোৰাং ভাৱে বিক্ৰী কৰাৰ অভিযোগ একাংশ বনকৰ্মীৰ বিৰুদ্ধে । উল্লেখ্য যে, কেইদিনমান পূৰ্বে হোৱা ধুমুহাত ভাঙি পৰা বনাঞ্চল খনৰ কিছু মূল্যৱান চেগুন কাঠ একাংশ বনকৰ্মীয়ে চোৰাং ভাৱে ঢোৰবাৰী অঞ্চলত বিক্ৰী কৰাৰ সময়ত স্থানীয় ৰাইজে হাতে-লোটে জব্দ কৰে । তাৰ পিছত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজৰ অভিযোগ বনাঞ্চল ৰক্ষনাবেক্ষনৰ দায়িত্বত থকা বনকৰ্মীয়ে যদি বনাঞ্চল ধ্বংসত লিপ্ত হয়, তেন্তে নিমিষতে উদং হব ৰাখালঠাকুৰ সংৰক্ষিত বনাঞ্চল ‌। ৰাখালঠাকুৰ বন শিবিৰত কৰ্তব্যৰত আবুল কালাম নামৰ বনৰক্ষীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে বিভাগটোৰ জিম্মাত থকা কাঠ বিক্ৰীৰ অভিযোগ।

বাইট ১,২_স্থানীয় লোকConclusion:কিন্তু এইক্ষেত্ৰত বনকৰ্মীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি দাবী কৰে বনকৰ্মী আবুল কালামে।

বাইট ৩_আব্দুল কালাম ।

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.