ধুবুৰী , 18 এপ্ৰিল : ধুবুৰীত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপ সভাপতি অতুল বৰায়ে । ধুবুৰীৰ গোলকগঞ্জ বিধান সভাৰ কাচোখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী আৰু অগপ সভাপতিগৰাকীয়ে ৷
তেওঁলোকৰ লগত উপস্থিত থাকিব মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম ৷ মুখ্যমন্ত্ৰী সোণোৱাল আৰু অতুল বৰাৰ প্ৰচাৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ হাতৰ পৰা ধুবুৰীক মুক্ত কৰিব পাৰিব নে সেয়া সময়েহে ক'ব ৷