ETV Bharat / state

গৰুৰ সমান্তৰালকৈ সীমান্তত চলিছে বিদেশী কাপোৰৰ চোৰাং বেহা - ভাৰত বাংলাদেশ সীমান্ত ধৰ্মশালা আৰক্ষী চকী

দেওবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কেইবা লক্ষাধিক টকাৰ বিদেশী কাপোৰ ৷

clothes-black-marketing-at-dhubri
গৰুৰ সমান্তৰালকৈ সীমান্তত চলিছে বিদেশী কাপোৰৰ চোৰাং বেহা
author img

By

Published : Jul 27, 2020, 3:41 PM IST

ধুবুৰী,27 জুলাইঃ অসমৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত থকাৰ সমান্তৰালকৈ চোৰাংভাবে ৰপ্তানি কৰা হৈছে বিদেশী কাপোৰ। উল্লেখযোগ্য যে,ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ ঘিউমাৰী অঞ্চলত সোমবাৰে ধৰ্মশালা আৰক্ষী আৰু ৬৭নং বি.এছ.এফৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ লক্ষাধিক টকাৰ বিদেশী কাপোৰ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

গৰুৰ সমান্তৰালকৈ সীমান্তত চলিছে বিদেশী কাপোৰৰ চোৰাং বেহা

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মশালা আৰক্ষী চকীৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ কেইবা লাখ টকাৰ বাংলাদেশী কাপোৰ। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকা এজন লোকক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি ৬৭ নং বি.এছ.এফৰ লগত যৌথ ভাৱে হাওৰাপাৰ অঞ্চলৰ হাফিজ উদ্দিন শেখৰ ঘৰত অভিযান চলাইছিল আৰক্ষীৰ দলে। অভিযান কালত বাংলাদেশলৈ প্রেৰণৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ কাপোৰ জব্দ কৰে আৰক্ষীয়ে ৷চোৰাং বেহাৰ লগত জড়িত হাফিজ উদ্দিন শেখক আটক কৰাৰ লগতে প্ৰায় পোন্ধৰ লাখ টকাৰ কাপোৰ জব্দ কৰিছে আৰক্ষী প্ৰশাসনে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃক্ৰমাৎ উন্নত ৰাজ্যৰ বান পৰিস্থিতি:মৃতকৰ সংখ্যা 102 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.