ETV Bharat / state

ধুবুৰীৰ পাৰঘাটত কংগ্ৰেছীৰ গুণ্ডাগিৰি

ধুবুৰী যোগময়া পাৰঘাটৰ পৰা বীৰসিং পাৰঘাটলৈ যোৱাৰ বাবদ নিৰ্ধাৰিত পাঁচ টকা ভাড়াৰ পৰিৱৰ্তে আঠ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ একাংশ কংগ্ৰেছীৰ বিৰুদ্ধে ৷ ৰাইজৰ অপত্তিৰ পিচতো গুৰুত্ব নিদিয়াত ৰাইজে বীৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে সমগ্ৰ ঘটনা ৷ খণ্ড উন্নয়ন বিষয়াই পূৰ্বৰ দৰেই পাঁচ টকাকৈ ভাড়া সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়ে যদিও ৰহিমে এই নিৰ্দেশ আওকাণ কৰি নিজ ইচ্ছামতে সংগ্ৰহ কৰি আহিছে ভাড়া ৷

ধুবুৰীৰ পাৰঘটত কংগ্ৰেছীৰ গুণ্ডাগিৰি
author img

By

Published : Jul 8, 2019, 8:07 PM IST

ধুবুৰী, জুলাই 8 : ধুবুৰীৰ বীৰসিং পাৰঘাটত উত্তপ্ত পৰিস্থিতি । ধুবুৰী যোগময়া পাৰঘাটৰ পৰা বীৰসিং পাৰঘাটলৈ যোৱাৰ বাবদ নিৰ্ধাৰিত পাঁচ টকা ভাড়াৰ পৰিৱৰ্তে আঠ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ একাংশ কংগ্ৰেছীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, ঘাটটো নিবিদা মৰ্মে লাভ কৰিছিল বীৰসিং পঞ্চায়তৰ প্ৰাক্তন সভাপতি চান্দ মিঞাৰ পুত্ৰ ৰহিম বাদশ্বাহে । ঘাটটো লীজত লোৱাৰ পাচতেই হঠাৎ ভাড়া পাঁচ টকাৰ পৰিৱৰ্তে আঠ টকালৈ বৃদ্ধি কৰে ৷ ফলত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ৰাইজৰ অপত্তিৰ পিচতো গুৰুত্ব নিদিয়াত ৰাইজে বীৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে সমগ্ৰ ঘটনা ৷ খণ্ড উন্নয়ন বিষয়াই পূৰ্বৰ দৰেই পাঁচ টকাকৈ ভাড়া সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়ে যদিও ৰহিমে এই নিৰ্দেশ আওকাণ কৰি নিজ ইচ্ছামতে সংগ্ৰহ কৰি আহিছে ভাড়া ৷

ধুবুৰীৰ পাৰঘটত কংগ্ৰেছীৰ গুণ্ডাগিৰি

আনহাতে, ৰাইজে এই ঘটনাৰ প্ৰতিবাদ কৰাত ৰহিম বাদশ্বাহ আৰু একাংশ সমৰ্থকে ৰাইজক মাৰপিট কৰাৰ উপৰিও আক্ৰমণ কৰে বীৰসিং পঞ্চায়তৰ নিৰ্দলীয় সভাপতি আব্দুল লতিফক ৷ ইপিনে বিগত পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত পৰাজয় হোৱাৰ বাবেই নিৰ্বাচনী পটোক তুলিবলৈ নিৰ্দলীয় প্ৰাৰ্থী পঞ্চায়ত সভাপতিগৰাকীক আক্ৰমণ কৰা বুলি অভিযোগ কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে ।

উল্লেখযোগ্য যে, ভুক্তভোগী ৰাইজ আৰু পঞ্চায়ত সভাপতিয়ে অভিযোগ কৰা মতে পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছী সভাপতি চান্দ মিঞাকে ধৰি একাংশ কংগ্ৰেছীয়ে পঞ্চায়তত একছত্ৰী ৰাজত্ব চলাব বিচাৰিছে । চৰকাৰী আদেশ নমনা এইসকল উদণ্ড কংগ্ৰেছীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হ'ব ৷

Intro: ধুবুৰীৰ পাৰঘাটত চলিছে কংগ্ৰেছীৰ গুণ্ডাৰাজ। নিৰ্বাচনত পৰাজয় হোৱাৰ পটোক তুলিছে পৰাজিত কংগ্ৰেছীয়ে। পাৰঘাটত নিৰ্দলীয় পঞ্চায়ত সভাপতিকে ধৰি কেইবাজনো ৰাইজক মাৰপিট। তীব্ৰ উত্তেজনা।

Body: হয়, ধুবুৰীৰ বীৰসিং পঞ্চায়তত চলিছে কংগ্ৰেছীৰ ৰাজত্ব। নিৰ্বাচনত পৰাজিত হলেওঁ দাদাগিৰী চলাইছে কংগ্ৰেছে। কংগ্ৰেছীয়ে নামানে নিৰ্দলীয় পঞ্চায়ত সভাপতিক। নামানে খণ্ড উন্নয়ন বিষয়াক। কাৰণ বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ এইখন ধুবুৰী যোগময়া পাৰঘাটৰ পৰা বীৰসিং পাৰঘাটলৈ যোৱা এই ঘাটটো নিবিদা মৰ্মে লাভ কৰে বীৰসিং পঞ্চায়তৰ প্ৰাক্তন সভাপতি চান্দ মিঞাৰ পুত্ৰ ৰহিম বাদশাই। পূৰ্বে এইখন পাৰঘাটত পাৰাপাৰ হওঁতে ভাড়া আছিল পাঁচ টকাকৈ। কিন্তু চান্দ মিঞাৰ পুত্ৰই এই ঘাট লাভ কৰাৰ পিছতেই যাত্ৰীৰ ভাড়া পাঁচ টকাৰ পৰিৱৰ্তে আঠ টকালৈ নিজৰ ইচ্ছা মতেই বৃদ্ধি কৰে। ফলত ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজৰ অপত্তিৰ পিছতো গুৰুত্ব নিদিয়াত ৰাইজৰ ফালৰ পৰা বীৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াক অৱগত কৰাৰ পিছত খণ্ড উন্নয়ন বিষয়াই পূৰ্বৰ দৰেই পাঁচ টকাকৈ ভাড়া সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়ে। যদিওঁ চান্দ মিঞাৰ পুত্ৰ ৰহিম বাদশাই নামানে খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশ।
ইপিনে ভাড়া বৃদ্ধি কৰাক লৈ আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই ৰহিম বাদশা আৰু একাংশ সমৰ্থকে প্ৰতিবাদী ৰাইজক মাৰপিট কৰাৰ উপৰি বীৰসিং পঞ্চায়তৰ নিৰ্দলীয় সভাপতি আব্দুল লতিফকো পাৰঘাটত মাৰপিট কৰে বুলি অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী ৰাইজে। এই ঘটনাৰ পিছতেই ক্ষোভিত ৰাইজে আইনৰ আশ্ৰয় লব বুলি উল্লেখ কৰে।
Byte:- (803/804) ভূক্তভোগী ৰাইজ।

ইপিনে বিগত পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত পৰাজয় হোৱাৰ বাবেই নিৰ্বাচনী পটোক তুলিবলৈ এইজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱা পঞ্চায়ত সভাপতি আব্দুল লতিফৰ ওপৰত আক্ৰমণ কৰা বুলি অভিযোগ কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে।
Byte:- (805) আব্দুল লতিফ, পঞ্চায়ত সভাপতি।

Conclusion: উল্লেখযোগ্য যে, ভূক্তভোগী ৰাইজ আৰু পঞ্চায়ত সভাপতিয়ে অভিযোগ কৰা মতে পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছী সভাপতি চান্দ মিঞাকে ধৰি একাংশ কংগ্ৰেছীয়ে পঞ্চায়তত একছত্ৰী ৰাজত্ব চলাব বিচাৰিছে। যদিওঁ এই পাৰঘাটৰ ভাড়া বৃদ্ধি কৰাক লৈ ৰাইজৰ লগতে পঞ্চায়ত সভাপতিক মাৰপিট কৰা বিষয়টো বিভাগীয় কৰ্তৃপক্ষই কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.