ETV Bharat / state

বিলাসীপাৰাত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও আন্দোলন - Petrol

বিলাসীপাৰাত ‘ভাৰত বচাও’ আন্দোলনৰ দিনটোতে সাব্যস্ত প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিলাসীপাৰা জিলা CITU ৰ সমিতিৰ লগতে পাঁচটাকৈ বাওঁপন্থী সংগঠনে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

citu protest against price hike
বিলাসীপাৰাত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বাচাও আন্দোলন
author img

By

Published : Aug 10, 2021, 8:07 AM IST

পশ্চিম বিলাসীপাৰা, 10 আগষ্ট : দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে মূল্যবৃদ্ধি(PRICE HIKE) ৰোধৰ বাবে যোগান বিভাগ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে ৷ তথাপিও ৰাজ্য তথা দেশত ৰোধ হোৱা নাই মূল্যবৃদ্ধি(PRICE HIKE) ৷

সোমবাৰে মূল্যবৃদ্ধি(PRICE HIKE)ৰ বিৰুদ্ধে বিলাসীপাৰাটো প্ৰতিবাদত বহিল CITU ৷ পেট্ৰ'ল(Petrol), ডিজেল(Diesel)কে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(PRICE HIKE) ৰ বিৰুদ্ধে আৰু মিজোৰামৰ সীমা নিৰ্ধাৰণৰ বাবে বিলাসীপাৰাৰ গান্ধী চ'কত ‘ভাৰত বচাও আন্দোলন’ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিলাসীপাৰা জিলা CITU ৰ সমিতিৰ লগতে পাঁচটাকৈ বাওঁপন্থী সংগঠনে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

citu protest against price hike
বিলাসীপাৰাত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও আন্দোলন

লগতে পঢ়ক: তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ বিজেপি চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ এফালে কাল কৰ’ণা, আনফালে মূল্যবৃদ্ধি(PRICE HIKE) ৷ কৰ’ণা মহামাৰীৰ ফলত ৰাজ্যৰ জনসাধাৰণ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷ ইয়াৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ হৈ দেখা দিছে মূল্যবৃদ্ধিয়ে ৷

লগতে পঢ়ক: শিৱসাগৰত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস

মূল্যবৃদ্ধি(PRICE HIKE) ৰোধ কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিছে ৰাজ্য চৰকাৰৰ যোগান বিভাগে ৷ এই অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ চৰকাৰৰ এনে কৰ্ম কাণ্ডত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আন্দোলনকাৰীসকলে । অচিৰে মূল্যবৃদ্ধি(PRICE HIKE) ৰোধ নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰা গাড়ীলৈ CPIM ৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.