ETV Bharat / state

চোৰাং গৰুসহ আটক ছয়জন

author img

By

Published : Aug 24, 2019, 5:16 AM IST

দক্ষিণ শালমাৰা মানকাছাৰৰ ভাৰত-বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । বিএছএফৰ অভিযানত পুনৰ ১৭ টা চোৰাং গৰুসহ আটক ছয় চোৰাং সৰবৰাহকাৰী ।

চোৰাং গৰুসহ আটক ছয়জন

দক্ষিণ শালমাৰা মানকাছাৰ, 24 আগষ্ট : দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰে একাংশ বেপাৰীয়ে অব্যাহত ৰাখিছে বাংলাদেশলৈ চোৰাং গৰুৰ ৰমৰমীয়া বেহা। দুদিন পূৰ্বে বি এছ এফৰ এটা দলে আঠটা গৰুসহ দুজন চোৰাং ব্যৱসায়ীক আটক কৰাৰ পাছত শুকুৰবাৰে পুনৰ ১৭ টা চোৰাং গৰুসহ ছয়জন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে ৷ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা আৰু বৰাইৰ আলগা বিওপিৰ ৬ নং বি এন বি এছ এফৰ যৌথ তহলদাৰী জোৱানৰ দলে অভিযান চলাই আটক কৰে চোৰাং গৰু সৰবৰাহকাৰীকেইটাক ৷

চোৰাং গৰুসহ আটক ছয়জন

আটকধীন সৰবৰাহকাৰীকেইটা ক্ৰমে ভাৰত-বাংলা সীমান্তৰ খোপাতীয়া গাঁৱৰ বাসিন্দা আতাউৰ ৰহমান (27), হাতীৰচৰ গাঁৱৰ বাসিন্দা লাল চান্দ আলী শেখ (18), দেওয়ান আলগা গাঁৱৰ দয়াল হুছেইন (29), পাইকাৰ কান্দি গাঁৱৰ আফতাৰ আলী (18), বৰ্মনপাৰা গাঁৱৰ ৰছিদ শেখ (34) আৰু বৰাইৰ আলগা চৰ গাঁৱৰ মোস্তাফিজুৰ ৰহমান (18) বুলি জানিব পৰা গৈছে । সীমান্ত সুৰক্ষা বাহিনীয়ে গৰুসহ আটক সৰবৰাহকাৰীকেইটাক খাৰুৱা বান্ধা আৰক্ষীক গতাই দিয়াৰ লগতে ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰে ।

Intro:দক্ষিণ শালমাৰা মানকাচৰ ভাৰত-বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। সীমান্তৰ বি এছ এফৰ অভিযানত পুনৰ ১৭ টা চোৰাং গৰু সহ আটক ছয় চোৰাং সৰবৰাহকাৰীক।Body:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰে একাংশ বেপাৰীয়ে অব্যাহত ৰাখিছে বাংলাদেশলৈ চোৰাং গৰুৰ ৰমৰমীয়া বেহা। দুদিন পূৰ্বে আঠটা গৰু সহ দুজন চোৰাং কাৰীক আটক কৰিবলৈ সক্ষম হৈছিল বি এছ এফে। আজি পুণৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা আৰু বৰাইৰ আলগা বি ও পিৰ ৬ নং বি এন বি এছ এফৰ কৰ্তব্যৰত যৌথ টহলদাৰী জোৱানে অভিযান চলাই পুণৰ ১৭ টাকৈ চোৰাং গৰু সহ ছয়জনকৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বাংলাদেশলৈ গৰু সমূহৰ চোৰাং চালান কৰিবলৈ লওঁতেই আটক হোৱা সৰবৰাহকাৰী ছয়জন ক্ৰমে ভাৰত-বাংলা সীমান্তৰ খোপাতীয়া গাৱঁৰ বাসিন্দা আতাউৰ ৰহমান (২৭), হাতীৰচৰ গাৱঁৰ বাসিন্দা লাল চান্দ আলী শেখ (১৮), দেওয়ান আলগা গাৱঁৰ দয়াল হুছেইন(২৯), পাইকাৰ কান্দি গাঁওৰ আফতাৰ আলী(১৮), বৰ্মণ পাৰা গাৱঁৰ ৰশিদ শেখ(৩৪) আৰু বৰাইৰ আলগা চৰ গাৱঁৰ মোস্তাফিজুৰ ৰহমান(১৮) বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ১৭ টা গৰু সহ আটক সৰবৰাহকাৰী ছয়জনক ইতিমধ্যে খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দিয়াৰ বিপৰীতে এখন এজাহাৰ দাখিল কৰে বি এছ এফে। Conclusion:উল্লেখযোগ্য যে, আৰক্ষীৰ চকুৰ সন্মুখেৰেই সীমান্ত অঞ্চললৈ যোৱা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় নীৰৱতা অৱলম্বন কৰি আহিছে সেয়াই ৰহস্যৰ বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.