ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ গৰু সহবৰাহকাৰীক লক্ষ্য কৰি গুলিচালনা

author img

By

Published : Jun 13, 2021, 11:11 PM IST

শনিবাৰে নিশা ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ গুলিচালনা । গৰু সৰবৰাহকাৰীয়ে চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাৰ পিছতে আৰক্ষীৰ গুলিচালনা । ছয় জাই গুলিচালনা আৰক্ষীৰ । আৰক্ষীৰ অভিযানত জব্দ হ’ল ৩০ টাকৈ গৰু।

cattle_sized
ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ গৰু সহবৰাহকাৰীক লক্ষ্য কৰি গুলিচালনা

ধুবুৰী,13 জুন : শনিবাৰে নিশা ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ গুলিচালনা । ছয় ৰাউণ্ড গুলিচালনা ধুবুৰী আৰক্ষীৰ । গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গুলিচালনা কৰিব লগীয়া হৈছে সৰহবৰাহকাৰীৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, শনিবাৰে নিশা আৰক্ষীয়ে গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে সাতৰ পৰা আঠ জনীয়া গৰু চোৰাং সৰহবাৰহকাৰীৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলায় । তাৰ পাচতেই আৰক্ষীয়ে চোৰাং সৰহবৰাবহকাৰীক লক্ষ্য কৰি ছয় জাই গুলিচালনা কৰে ।

মনকৰিবলগীয়া যে, ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই অহাৰ বাবে নদী পথেৰে পুনৰ গৰুৰ চোৰাং সৰবৰাহ আৰম্ভ কৰিবলৈ লৈছে । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশনা দিয়াৰ পাচতে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ৷ তাৰপাচতো এনেদৰে ব্ৰহ্মপুত্ৰ হৈ বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ। একপ্ৰকাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই নতুন নতুন কৌশল অৱলম্বন কৰি চোৰাং বেপাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছে ।

শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ এটা দলে নদী পথত টহল দি থাকি চলোৱা অভিযানত জব্দ হয় ৩০ টাকৈ চোৰাং গৰু । জানিব পৰা মতে ধুবুৰীৰ বিৰসিং চৰ এলেকাৰ নদী পথেৰে এখন যন্ত্ৰ চলিত নাৱেৰে গৰু সমূহ বাংলাদেশলৈ চালান দিয়াৰ উদ্দেশ্যে লৈ যোৱা হৈছিল । যন্ত্ৰ চালিত নাওৰ ইঞ্জিন বন্ধ কৰি নিস্তব্ধ হৈ বাংলাদেশৰ পিনে যাত্ৰা কৰা গৰু ভৰ্তি নাও প্ৰত্যক্ষ কৰি গৰু ভৰ্তি নাওখন ৰখাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও গৰু চোৰাং সৰহবৰাহকাৰী দলটোৱে তীব্র গতিত নাওখন লৈ যাবলৈ আৰম্ভ কৰে । উপায়ুন্তৰ হৈ ধুবুৰী আৰক্ষীৰ দলটোৱে নাওখন ৰখাবলৈ ছয় জাই গুলিচালনা কৰে । ইপিনে গৰুৰ নাওখনৰ তলৰ কিছু অংশ খহি পৰাত নাওখনৰ গতি কমি আহা দেখি নাওখনত থকা গৰুৰ সৰহবাৰাহকাৰী আৰু নাৱৰীয়াই নদীত জাপ দি পলাই যাবলৈ সক্ষম হয় । আনহাতে আৰক্ষীয়ে চোৰাং কৈ সৰহবাৰহ গৰু সমূহ জব্দ কৰি গো-শালাত ৰখাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃ সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগিব চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.