ETV Bharat / state

ধুবুৰীত বিজিবি আৰু বিএছএফৰ চাইকেল ৰেলী - দুই দেশৰ পতাকা

বাংলাদেশৰ বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষৰ প্ৰতি শ্ৰদ্ধা জনাই পশ্চিম বংগৰ পৰা আৰম্ভ হৈছিল মৈত্ৰী চাইকেল ৰেলীৰ ৷ ভাৰত-বাংলাদেশ দুই দেশৰ বি এছ অফ আৰু 'বিজিবি'ৰ তেৰজন জোৱানে আৰম্ভ কৰিছিল এই যাত্ৰা ৷ দেওবাৰে ধুবুৰীৰ সোনাহাটত আহি উপস্থিত হয় দলটো ৷

bsf-cycle-rally
ধুবুৰীত বিজিবি আৰু বিএছএফৰ চাইকেল ৰেলী
author img

By

Published : Feb 2, 2021, 10:45 PM IST

ধুবুৰী, 2 ফেব্ৰুৱাৰী : বাংলাদেশৰ বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষৰ প্ৰতি শ্ৰদ্ধা জনাই পশ্চিম বংগৰ পৰা আৰম্ভ হৈছিল মৈত্ৰী চাইকেল ৰেলীৰ ৷ চলিত বছৰৰ দহ জানুৱাৰীত ভাৰত-বাংলাদেশ দুই দেশৰ বিএছএফ আৰু 'বিজিবি'ৰ তেৰজন জোৱানে আৰম্ভ কৰিছিল এই যাত্ৰা ৷ নিতৌ 70/80 কিলমিটাৰ অতিক্ৰম কৰি দেওবাৰে ধুবুৰীৰ সোনাহাটত উপস্থিত হয় দলটো ৷ মঙলবাৰে গোলকগঞ্জৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰ প্ৰাংগণত বি এছ এফয়ে আনুষ্ঠানিক ভাৱে চাইকেল আৰোহী কেইজনক সম্বৰ্ধনা জনায় ৷

bsf-cycle-rally
ধুবুৰীত বিজিবি আৰু বিএছএফৰ চাইকেল ৰেলী

মঙলবাৰে এই দলটোক ধুবুৰীৰ ৬৭ তম বিএছএফৰ তৰফৰ পৰা ধৰ্মশালাত আৰু ধুবুৰীৰ ৪১ তম বি এছ এফে জল বিভাগ কাৰ্যালয়ত আদৰণি জনায় । অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে দুই দেশৰ পতাকা হাতত লৈ দলটোক আদৰণি জনোৱাৰ লগতে ধুবুৰীৰ জল বিভাগৰ কাৰ্যালয়ত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এই চাইকেল ৰেলিত আগভাগ লোৱা জোৱান সকলক আদৰণি জনোৱা হয় । উক্ত আদৰণি অনুষ্ঠানত ৬৭ আৰু ৪১ তম বি এছ অফৰ কমাণ্ডেণ্ট উপস্থিত থকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

bsf-cycle-rally
ধুবুৰীত বিজিবি আৰু বিএছএফৰ চাইকেল ৰেলী

উল্লেখ্য যে, ১০ জানুৱাৰী দিনা পশ্চিমবংগৰ পানীতৰ কেম্পৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী ১৭ জানুৱাৰীৰ দিনা মিজোৰামৰ ছিলকৰ কেম্পত অন্ত পৰিব । দুই দেশৰ এই চাইকেল ৰেলী প্ৰায় চাৰি হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি মিজোৰাম সীমান্তত অন্ত পৰিব ৷

লগতে পঢ়ক: ১৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.