ETV Bharat / state

বিলাসীপাৰাত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

ডাউৱাগুৰীত মৰণফান্দত পৰিণত হৈছে এখন বাঁহৰ দলং। এই দলঙেৰে বিপদসংকুল যাত্ৰা কৰিছে সাতখনকৈ গাঁৱৰ ৰাইজে ৷

author img

By

Published : Oct 29, 2020, 3:56 PM IST

ডাউৱাগুৰীত মৰণফান্দত পৰিণত হৈছে এখন বাঁহৰ দলং
জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা বিলাসীপাৰাৰ ৰাইজৰ

পূৱ বিলাসীপাৰা, ২৯ অক্টোবৰ : চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটিৰ ডাউৱাগুৰীত মৰণফান্দত পৰিণত হৈছে এখন বাঁহৰ দলং । সাতখনকৈ গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সমল এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কাণ-সাৰ নিদিলে কোনো এখন চৰকাৰে । অসাৰ হিচাপে পৰিগণিত হ'ল বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিশ্ৰুতিও ৷

ডাউৱাগুৰীত মৰণফান্দত পৰিণত হৈছে এখন বাঁহৰ দলং
জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ ডাউৱাগুৰীৰ বাঁহৰ দলংখন মৰা চম্পাৱতী নৈৰ ওপৰত অৱস্থিত ৷ জৰাজীৰ্ণ এই বাঁহৰ দলংখনত প্ৰায়ে সংঘটিত হৈ থাকে দৈনিক সৰু-বৰ দুৰ্ঘটনা । কৃষিজীৱি অঞ্চলটোৰ ৰাইজে নিজৰ উৎপাদিত সামগ্ৰী এইখন দলঙেৰে দৈনিক চাইকেলৰে নিব লগা হয় বজাৰলৈ ৷

জৰাজীৰ্ণ দলং

এই দলংখনৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অথবা ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম জীয়াতু ভুগিবলগা হৈছে । বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিধায়ক অশোক কুমাৰ সিংহীয়ে দলংখন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল । যাতায়তৰ দুৰাৱস্থাৰ বাবেই অঞ্চলটোৰ ৰাইজে ঢুকি নাপায় চৰকাৰৰ ১০৮ সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সেৱা ৷

পৰিৱৰ্তনকামী বিজেপি চৰকাৰলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে যে,অতি শীঘ্ৰে এই দলংখন নিৰ্মাণ কৰি নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰক ।

লগতে পঢ়ক : হাবুঙক পৰ্যটনক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.