ETV Bharat / state

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক

কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিক সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক
author img

By

Published : Jun 24, 2019, 8:48 AM IST

বিলাসীপাৰা , ২৪ জুন: বিলাসীপাৰাৰ ৰাণীগঞ্জত ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি দেওবাৰে ৰঙা ঘৰৰ আলহী হ'ব লগীয়া হল এজন যুৱক । কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিক সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱকক ।

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক

আটকাধীন যুৱক জন ৰাণীগঞ্জ বজাৰৰ জামে মছজিদৰ সমীপৰ প্ৰাণজিত বসাক । এই উদণ্ড যুৱক জনে দেওবাৰে ছ'চিয়েল মিডিয়া যোগে ইছলাম ধৰ্মৰ সম্পৰ্কে অশালীন মন্তব্য কৰি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ নিদৰ্শন ৰাণীগঞ্জ অঞ্চলত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছিল । ইয়াৰ পাচতে কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিকৰ লগতে স্থানীয় একাংশ লোকে নিশা ৰাণীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । আৰু তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাণজিত বসাকক নিজ ঘৰৰ পৰা আটক কৰে । ইপিনে ঘটনাৰ মূল অভিযুক্ত ৰাণীগঞ্জ সোণালুগুৰী গাঁৱৰ বাসিন্দা প্ৰবাল কলিতা বৰ্তমান পলাতক অৱস্থাত আছে যদিও অতি শীঘ্ৰে যুৱক জনক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী তুলে স্থানীয় একাংশ লোকে । আনহাতে স্থানীয় বিভিন্ন দল সংগঠনে , এই কাণ্ড সংঘটিত কৰা যুৱক দ্বয়ক শাস্তি প্ৰদানৰ দাবী তুলিছে যদিও লগতে ঘটনা সন্দৰ্ভত সকলো পক্ষক সংযম হবলৈও আহ্বান জনায় ।

Intro:Date - 24/6/19
Anchor - বিলাসীপাৰাৰ ৰাণীগঞ্জত ছচিয়েল মিডিয়াত অশালীন পোষ্ট আপলোড কৰি ৰঙা ঘৰৰ আলহী হব লগীয়া হল এজন যুৱক | কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিক সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱক জনক | Body:V. O - উগ্ৰ হিন্দুত্ববাদী এই জন যুৱক লৈ মন কৰক | নাম প্ৰাণজিত বসাক | ঘৰ ৰাণীগঞ্জ বজাৰৰ জামে মছজিদৰ সমীপত | এই উদণ্ড যুৱক জনে সাতামপুৰুষীয়া ভাতৃত্ববোধৰ নিদৰ্শন ৰাণীগঞ্জ অঞ্চলত বিয়পাইছে বিষবাষ্প | যুৱক জনে দেওবাৰে ছচিয়েল মিডিয়া যোগে ইছলাম ধৰ্ম সম্পৰ্কীয় এটা অশালীন পোষ্ট আপলোড কৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ | কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিকৰ লগতে স্থানীয় একাংশ লোকে দেওবাৰে নিশা ন টা মান বজাত ঘটনা সন্দৰ্ভত উপস্থিত হয় ৰাণীগঞ্জ আৰক্ষী চকীত | আৰক্ষী চকীত উপস্থিত হৈ এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ | এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাণজিত বসাক নামৰ যুৱক জনক নিজ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়Conclusion:ইফালে ঘটনাৰ মূল অভিযুক্ত ৰাণীগঞ্জ সোণালুগুৰী গাঁৱৰ বাসিন্দা প্ৰবাল কলিতা নামৰ যুৱক জন পলাতক হৈ পৰে যদিও অতি শীঘ্ৰে যুৱক জনক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় একাংশ লোকে | আনহাতে এনে জঘন্য কাণ্ড সংঘটিত কৰা লম্পট যুৱক দ্বয়ক শাস্তি প্ৰদানৰ দাবী তুলিছে যদিও লগতে ঘটনা সন্দৰ্ভত সকলো পক্ষক সংযম হবলৈও আহ্বান জনায় স্থানীয় বিভিন্ন দল সংগঠনে |
Bite
1. স্থানীয় নাগৰিক,
2. অভিযুক্ত প্ৰাণজিত বসাক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.